আমগুৰি, 16 নৱেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত জাঁজীত 1962 চনতে স্থাপিত হোৱা হস্ততাঁত শিল্প বিভাগৰ এখন সমবায় সমিতিৰ দুৰাৱস্থাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ । 16 বিঘা মাটিৰে পৰিবেষ্টিত জাঁজী বোৱা-কটা সমবায় সমিতিখন বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে এৰাবাৰীত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
স্থানীয় সচেতন লোকে সদৰি কৰা মতে, সমবায় সমিতিখনৰ 28 টাকৈ শিপিনী আৰু বিভাগীয় বিষয়া থাকিব পৰা আৱাস গৃহ বৰ্তমানে এলাগী হৈ পৰাৰ ফলস্বৰূপে হাবি-জংঘলে আৱৰি ধৰা লগতে জহি-খহি যাবলৈ আৰম্ভ কৰিছে । সমান্তৰালভাৱে সমষ্টিটোৰ মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা আৰু সৱলীকৰণৰ পূৰ্ণ সম্ভাৱনা থকা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগটোৰ এনে দুৰাৱস্থাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷