নাজিৰা, ৭ আগষ্টঃ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহটো শুকুৰবাৰে নাজিৰা মহকুমা প্ৰশাসনে কন্টেইনমেন জন ঘোষণা কৰে ৷ কিছুদিন পূৰ্ৱে দেৱব্ৰত শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজনৰ গাত ক'ভিড ১৯ পজিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ তিনিজন নিৰাপত্তাৰক্ষী ক্ৰমে নকুল শৰ্মা,ভবেন্দ্ৰ সন্দিকৈ আৰু ৰজনী দাসৰ দেহত ক'ভিড ১৯ পজিটিভ ধৰা পৰে ৷
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহ কণ্টেইনমেন জ'ন ঘোষণা - Debabrat saikia
কিছুদিন পূৰ্ৱে দেৱব্ৰত শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজনৰ গাত ক'ভিড ১৯ পজিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ তিনিজন নিৰাপত্তাৰক্ষী ক্ৰমে নকুল শৰ্মা,ভবেন্দ্ৰ সন্দিকৈ আৰু ৰজনী দাসৰ দেহত ক'ভিড ১৯ পজিটিভ ধৰা পৰে ৷
![বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহ কণ্টেইনমেন জ'ন ঘোষণা Debabrat saikia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8332596-thumbnail-3x2-p.jpg)
দেৱব্ৰত শইকীয়া
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহ কণ্টেইনমেন জ'ন ঘোষণা
যাৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে আজি দেৱব্ৰত শইকীয়াৰ বাসগৃহ লগতে তেওঁৰ ঘৰৰ দাঁতিতে লাগি থকা ভাতৃ তথা বিজেপিৰ নেতা পলাশ পৱন শইকীয়াৰ বাসগৃহও কণ্টেইমেন জ'ন ঘোষণা কৰে ৷ যদিও পৰৱৰ্তী সময়ত পলাশপৱন শইকীয়াৰ বাসগৃহ কন্টেইনমেন এলেকাৰ বাহিৰ কৰি দিয়ে ৷
লগতে পঢ়ক :সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু আম আদমী পাৰ্টী
TAGGED:
Debabrat saikia