অসম

assam

ETV Bharat / state

ৰভা নিৰ্মাণ কৰি থাকোতেই শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ - Eectrocution incident in Sivasagar

শিৱসাগৰ নগৰত অঘটন(Eectrocution incident in Sivasagar)। এক মাংগলিক অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰি থকা ৰভাৰ ওপৰতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু হয় এজন পেণ্ডেলৰ কাম কৰা কৰ্মীৰ । এই ঘটনাটোক লৈ ইতিমধ্যে শিৱসাগৰ নগৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Eectrocution incident in Sivasagar
শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

By

Published : Sep 1, 2022, 6:36 PM IST

শিৱসাগৰ ,১ছেপ্তেম্বৰ:শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ফুকন নগৰত মৰ্মান্তিক ঘটনা(Death due to electrocution in Sivasagar)। এক মা‌ংগলিক অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰি থকা ৰভাত এজন পেণ্ডেলৰ কাম কৰা কৰ্মী নিহত হয় । ফুকন নগৰৰ এজন লোকৰ ঘৰত অনুষ্ঠিত হ'বলগীয়া সকামৰ বাবে এখন ৰভা নিৰ্মাণ কৰি থকা অৱস্থাতে উক্ত ঘটনাটো সংঘটিত হয় ।

শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

উল্লেখ্য় যে টেন্ট হাউছৰ বনুৱাৰূপে নিয়োজিত আছিল দৰিকাপাৰ নাওজান গাঁৱৰ মাইনা গগৈ নামৰ লোকজন । জানিব পৰা মতে,ৰভাৰ টিন তুলিবলৈ ওপৰত উঠি কাম কৰি থকা অৱস্থাত টিনৰ সামান্য ওপৰেদি যোৱা ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত অকস্মাৎ মাইনা লাগি ধৰাত বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যু মুখত পৰে ।

উক্ত ঘটনাটোক লৈ ইতিমধ্যে শিৱসাগৰ নগৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিদ্যুৎ তাঁৰৰ সামান্য তলত এইদৰে ৰভা দিওঁতে সাৱধানতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হৈছে । এইদৰে বিপদৰ মাজত কাম কৰোতে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰি বিদ্যুৎ কৰ্তন কৰিব লাগিছিল বুলিও একাংশই মন্তব্য কৰিছে । আনহাতে,এই ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টাৰ পাছতো আৰক্ষী উপস্থিত ঘটনাস্থলীত নোহোৱাত ৰ'দে-বৰষুণে ৰভাৰ টিনৰ ওপৰত মৃতদেহ পৰি ৰোৱাক লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় ।

লগতে পঢ়ক:সিদ্ধ কণী নোপোৱাৰ বাবে অংগনৱাড়ী কৰ্মীক প্ৰহাৰ

ABOUT THE AUTHOR

...view details