শিৱসাগৰ,13 নৱেম্বৰ:শিৱসাগৰ নগৰৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিখৌ নদীৰ গেমন দলঙৰ তলত শুকুৰবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পুৱা অঞ্চলটোৰ লোকে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ স্থানীয় লোকে লগে লগে ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এছডিআৰএফ বাহিনীৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰে ।
শিৱসাগৰৰ দিখৌ নদীত উদ্ধাৰ মৃতদেহ - দিখৌ নদী
মৃতদেহটো শিৱসাগৰ নগৰৰ গণকপট্টিৰ নিৱাসী মতীন চন্দ্ৰ শৰ্মা (৬১) বুলি চিনাক্ত কৰা হৈছে ।
মৃতদেহটো শিৱসাগৰ নগৰৰ গণকপট্টিৰ নিৱাসী মতীন চন্দ্ৰ শৰ্মা (৬১) বুলি চিনাক্ত কৰা হৈছে । যোৱা ৯ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ থকা শৰ্মাৰ নিৰুদেশ হৈ থকাৰ সন্দৰ্ভত ১০ নৱেম্বৰত শিৱসাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল । উল্লেখযোগ্য যে,যোৱা ৯ নৱেম্বৰ তাৰিখে পুৱা গুৱাহাটীৰ পৰা পৰিয়াল সহিতে শিৱসাগৰ আহি পোৱা শৰ্মা, পৰিয়াল কেন্দ্ৰিক সমস্যাৰ বাবে হতাশগ্ৰস্ত হৈ আছিল । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক: মৃৎ শিল্পক বুকুত সাৱটি ৰখা এখন বিশেষ গাঁও