শিৱসাগৰ,9 জুন :বিগত তিনি সপ্তাহত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত উদ্ধাৰ হৈছে চাৰিটাকৈ মৃতদেহ । নগৰৰ সমীপৰ বণিয়াবাৰীৰ দৰিকা দলঙৰ তলত উদ্ধাৰ হৈছে আন এটা মৃতদেহ । নদীত ওপঙি থকা অৱস্থাত বগা চাৰ্ট আৰু নীলা জিনছ পৰিহিত এটা মৃতদেহ বুধবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে ।
ইয়াৰ পাচতে মৃতদেহটোৰ সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৰাইজে ৷ স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰে ৷ স্থানীয় লোকে সদৰী কৰা মতে, মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ নাম সঞ্জীৱ বৰা(৩৮) ৷ শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ নিবাসী সঞ্জীৱ বিগত ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল । এই ঘটনা আত্মহত্যা নে হত্যা সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।