আমগুৰি ১৬ জানুৱাৰীঃ শিৱসাগৰ আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ আমগুৰি ৰেল জংছনৰ সমীপৰ ৰে'ল লাইনৰ কাষত উদ্ধাৰ হয় মৃতদেহটো ৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ যুৱকজন দিখৌমুখ দিছিয়াল গাঁৱৰ জিতু নেওগ বুলি জানিব পৰা গৈছে । নিশাই ৰে'লৱে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি শিমলুগুৰিলৈ প্ৰেৰণ কৰে ।
আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ - sivsagar amguri recover
শিৱসাগৰ আমগুৰিত ৰে'ল লাইনৰ কাষত ডিঙি কটা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷
আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
উল্লেখ্য যে,পেছাত পেইন্টাৰ হিচাপে কাম কৰা যুৱকজনে ৰে'লৰ আগত পৰি আত্মহত্যা কৰিলে নে এইয়া হত্যাকাণ্ড আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
আৰু পঢ়কঃ শান্তি, সুৰক্ষা আৰু স্থিৰতাৰ বাবে ভাৰতৰ দৃঢ় আগ্ৰহ আছে