আমগুৰি, ১৯ মে’: শিৱসাগৰৰ আমগুৰি সমষ্টিৰ দিখৌমুখত দিখৌ নদীত মৃত গাহৰিৰ উজান। উটি অহা মৰা গাহৰি প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকৰ মাজত হাহাকাৰ। গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখত দিখৌ নদীত মৰা গাহৰি উটি অহা প্ৰত্যক্ষ কৰাৰ পিছতেই আতংকিত হৈ উঠে নদীপৰীয়া ৰাইজ ৷
শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান - শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ
শিৱসাগৰৰ দিখৌমুখৰ দিখৌ নদীত মৰা গাহৰিৰ উজানক লৈ চিন্তিত স্থানীয় ৰাইজ ৷ শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ সহস্ৰাধিক গাহৰিৰ মৃত্যুৰ পিছতে সংঘটিত হৈছে এই ঘটনা ৷ গাহৰি পালকৰ এনে কাৰ্যক সহজভাৱে ল’ব পৰা নাই আমগুৰিবাসীয়ে ৷
![শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7257718-thumbnail-3x2-pig.jpg)
শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান
উল্লেখ্য যে, শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ইতিমধ্যে বহু হাজাৰ গাহৰি মৃত্যু মুখত পৰিছে। মৰা গাহৰিসমূহ পুতি থ’বলৈ বাৰে বাৰে আহ্বান জনোৱা হৈছে যদিও গাহৰি পালকৰ অবিবেচক কাণ্ডৰ বাবে নদীত উটাই দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে ।
শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান
লগতে পঢ়ক: বোৱাৰীয়েকৰ দাৰ ঘাপত নিহত শাহুৱেক, আঘাতপ্ৰাপ্ত শহুৰেক