শিৱসাগৰ, 28 মাৰ্চঃশিৱসাগৰৰ বনগাঁৱৰ দিখৌৰ বালি চৰত বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী । বন বিভাগক খবৰ দিয়াত শিৱসাগৰ বন বিভাগৰ ৰেপিড ৰেচপঞ্চ টিমৰ বিষয়া পদ্মেশ্বৰ গগৈৰ নেতৃত্বত যোৱা এটা দলে উদ্ধাৰ কৰে নাহৰফুটুকীৰ মৃতদেহটো ৷ বিভাগীয় নিয়ম অনুসৰি স্থানীয় পশু চিকিৎসালয়ত নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত জিলা বন বিভাগৰ চৌহদত দাহ কৰা হয় মৃতদেহটো ৷ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা পশু চিকিৎসকৰ মতে বাৰ্ধক্যজনিত কাৰণতেই স্বাভাৱিক মৃত্যু হৈছেনাহৰফুটুকীটোৰ বুলি জানিবলৈ দিয়ে ৷
শিৱসাগৰৰ বনগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ - শিৱসাগৰ
চিকিৎসকৰ মতে বাৰ্ধক্যজনিত কাৰণত মৃত্যু মুখত পৰিছে নাহৰফুটুকীটো

শিৱসাগৰৰ বনগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ
শিৱসাগৰৰ বনগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ
উল্লেখ্য যে বনগাঁৱৰ লগতে মেটেকা, কালুগাঁও শলগুৰি অঞ্চলত বিগত বহু দিন ধৰি বনাঞ্চলৰ অভাৱত জনাঞ্চললৈ ওলাই অহা নাহৰফুটুকীটোৱে বহু পশুধন নিধন কৰি এক প্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷