শিৱসাগৰ,30আগষ্টঃ কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যু সন্দৰ্ভত মিছিং জনগোষ্ঠীৰ সংগঠন টিএমপিকেই শিৱসাগৰ জিলা উপায়ুক্তক এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল। সেই অনুসৰি শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ দিলীপ টেৰাঙক তদন্তৰ ভাৰ অৰ্পন কৰিছে। ১৫ দিনৰ ভিতৰত তদন্তৰ ফলাফল দিব লাগিব অতিৰিক্ত জিলা দণ্ডাধীশে ৷ ইপিনে দণ্ডাধীশ গৰাকীয়ে দুয়ো পক্ষক চমন জাৰি কৰি সাক্ষী গ্ৰহণৰ লগতে আন তথ্য-প্ৰমাণসমূহ বিচাৰ কৰি তদন্ত আগবঢ়াই নিব বুলি জানিবলৈ দিছে।
প্ৰসংগঃ কনিষ্টবল য়েইনৰ মৃত্যু; আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ তদন্ত ঘোষণা - কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যু
শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ তদন্ত ঘোষণা ৷ ১৫ দিনৰ ভিতৰত তদন্তৰ ফলাফল দিব লাগিব অতিৰিক্ত জিলা দণ্ডাধীশে ৷ উল্লেখ্য যে এছ পি অমিতাভ সিন্হাৰ নিৰ্যাতনৰ বলি হৈ কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যু হোৱা বুলি য়েইনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল ৷
![প্ৰসংগঃ কনিষ্টবল য়েইনৰ মৃত্যু; আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ তদন্ত ঘোষণা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4291584-thumbnail-3x2-k.jpg)
আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ তদন্ত ঘোষণা
আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ তদন্ত ঘোষণা
উল্লেখ্য যে এছ পি অমিতাভ সিন্হাৰ নিৰ্যাতনৰ বলি হৈ কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যু হোৱা বুলি য়েইনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল ৷ লগতে শুকুৰবাৰে য়েইনৰ পত্নী-কন্যাই শিৱসাগৰ সদৰ আৰক্ষী থানাত এছ পি গৰাকীৰ বিৰোদ্ধে এজাহাৰ দাখিল কৰিছে ৷