অসম

assam

By

Published : Oct 13, 2022, 11:41 AM IST

ETV Bharat / state

Irresponsibility of IWTD : দিখৌমুখ পাৰাঘাটত যাত্ৰীৰ সৈতে হেতালি জল পৰিবহণ বিভাগৰ

শিৱসাগৰৰ দিখৌমুখত যাত্ৰীৰ মাজত হাহাকাৰ । চৰকাৰী ফেৰী নথকাত ব্যক্তিগত ফেৰীৰে বিপদসংকুল যাত্ৰা শতাধিক যাত্ৰীৰ (Dangerous ferry ride at Dikhoumukh Paraghat)। জল পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় লোক আৰু সংগঠনৰ ।

Ferry
দিখৌমুখ পাৰাঘাটত যাত্ৰীৰ সৈতে হেতালি জল পৰিবহণ বিভাগৰ

আমগুৰি, ১৩ অক্টোবৰ :ধুবুৰী কাণ্ড আৰু৮ ছেপ্টেম্বৰৰ মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা (Majuli ferry tragedy) হয়টো আপোনাৰ মনত আছে । অসম লগতে সমগ্ৰ দেশকে জোকাৰি গৈছিল সেই মৰ্মান্তিক ঘটনাই । কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বাবে সেইবোৰ এতিয়া পাহৰণিৰ গৰ্ভত । সেই ঘটনাবোৰৰ পৰা শিক্ষা নল'লে বিভাগটোৱে (Irresponsibility of IWTD)। এতিয়াও বহু স্থানত যাত্ৰীৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই । বিপদসংকুলভাৱে এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুৰে নিতৌ পাৰ হৈছে হাজাৰ হাজাৰ লোকে ।

শিৱসাগৰৰ দিখৌমুখ পাৰাঘাটতো একে পৰিৱেশ । যাত্ৰীৰ সুৰক্ষাৰ বাবে জল পৰিহণ বিভাগে লোৱা নাই কোনো সুব্যৱস্থা । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এতিয়াও চলি আছে ব্যক্তিগত লেচীৰ ফেৰী (Movement of private ferries at Dikhoumukh)। অসংখ্য লোকে ব্যক্তিগত লেচীৰ ফেৰীৰেই যাতায়াত কৰিবলগীয়া হৈছে মাজুলীলৈ ।

দিখৌমুখ পাৰাঘাটত যাত্ৰীৰ সৈতে হেতালি জল পৰিবহণ বিভাগৰ
জানিব পৰা মতে যোৱা কেইবামাহো ধৰি দিখৌমুখ পাৰাঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী বিকল হৈ আছে (No government ferry in Dikhoumukh)। পাৰাঘাটত জৰুৰীকালীন অৱস্থাত কোনো ধৰণৰ জল পৰিবহণ বিভাগৰ ফেৰীৰ ব্যৱস্থা নথকাত ভয় আৰু শংকাৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে সাধাৰণ যাত্ৰীয়ে ।

উল্লেখ্য যে দিখৌমুখৰ পৰা মাজুলীলৈ দৈনিক কেইবা শতাধিক যাত্ৰীয়ে নদীপথেৰে যাতায়াত কৰি আহিছে । দিখৌমুখ চিকাৰী আৰু দিখৌমুখ শালমৰালৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে দৈনিক শতাধিক লোক ইপাৰ-সিপাৰ হোৱাৰ পিছতো দিখৌমুখ পাৰাঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জৰুৰীকালীন এখনো ফেৰীৰ ব্যৱস্থা নাই (No emergency ferry in Sivasagar)। যাৰ বাবে বিয়াগোম বিভাগটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ যাত্ৰীসকল ।

বিভাগটোৰ দায়িত্বহীনতাৰ বিৰুদ্ধে বিভিন্ন সংগঠনেও ক্ষোভ প্ৰকাশ কৰিছে । এইক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ জল পৰিবহণ মন্ত্ৰীক শীঘ্ৰে দিখৌমুখত এখন জৰুৰীকালীন ফেৰীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

লক্ষণীয়ভাৱে মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পাছতে চৰকাৰ তথা যথেষ্ট সষ্টম হৈ পৰিছিল । যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ ঘোষণাও কৰিছিল । কিন্তু সকলোবোৰ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ।

লগতে পঢ়ক :Irregularities of anganwadi worker: কলগাছিয়াত কণ কণ শিশুক লৈ ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details