আমগুৰি, 22 অক্টোবৰ:এতিয়া ৰাজ্যত বলিছে উন্নয়নৰ ঢৌ ৷ আপোনাৰ চৌদিশে যেনিয়েই চকু দিব আপুনি মাথো দেখিব উন্নয়ন ৷ সেয়া লাগিলে শিক্ষা খণ্ডৰ জয়জয় ময়ময় অৱস্থাই হওক কিম্বা অপৰাধ অথবা অপৰাধী দেখিলেই জপিয়াই পৰা আৰক্ষী বিভাগেই হওক, নতুবা ৰোগীয়ে ৰোগৰ নিৰাময় বিচাৰিলেই বিশ্ব মানৰ সেৱা দিয়া স্বাস্থ্য বিভাগৰ উন্নয়েই হওক ৷
এক কথাত ক’বলৈ গ’লে ৰাজ্যবাসীৰ এতিয়া সুখেই সুখ ৷ পিছে ৰ’ব এইয়া আমাৰ ভাষ্য নহয় ৷ ৰাজ্যখনৰ এই অৱস্থা দেখিবলৈ পোৱা যায় শাসনৰ মচনদত বহি থকা শাসকীয় দল বিজেপিৰ নেতা-পালি নেতাই সময়ে সময়ে দি অহা ভাষ্যৰ মাজত ৷ পিছে, আজি আমি আপোনালৈ লৈ আহিছো ৰাজ্যৰ উন্নয়নৰ আন এখন ছবিহে ৷
বিগত বৰ্ষত নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত ৰাজ্যবাসীৰ ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা আছিল, পুনৰ যাতে সংঘটিত নহওক এনে অঘটন (Nimati Ghat Boat Accident 2021) ৷ ইয়াৰ বিপৰীতে নিমাতী পাৰঘাটত হোৱা এই দুৰ্ঘটনাই যেন গা ল’ৰাব নোৱাৰিলে ৰাজ্যৰ জল পৰিবহণ বিভাগ তথা ৰাজ্য চৰকাৰক ৷ এই অভিযোগ ৰাজ্যৰ একাংশ সচেতন লোকৰ ৷
নিমাতীঘাটৰ সেই ভয়াৱহ দুৰ্ঘটনাৰ পাচতো ৰাজ্যৰ বহু অঞ্চলত এতিয়াও একাংশই উপায়হীন হৈ নাৱেৰেই বিপদসংকুল যাত্ৰা কৰি গৈছে ৷ মৰণকো যেন কেৰেপ কৰা নাই ৰাজ্যৰ বিশেষকৈ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ একাংশ লোকে (Dangerous Communication system with wooden bridge at Amguri) ৷ কিয়নো যাতায়াতৰ বাবে এইসকল লোকৰ হাতত যে অন্য কোনো বিকল্প নাই ৷ পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ পৰা বহুকেইটা প্ৰলোভনৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল আমগুৰিবাসী ৰাইজে ৷ কিন্তু ফলহে লাভ নকৰিলে এওঁলোকে ৷