অসম

assam

ETV Bharat / state

আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই - আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ

আঢ়ৈ বছৰে বিকল হৈ আছে জাঁজী খাটোৱাল মাজুমেলীয়া পানী যোগান আঁচনি ৷ তিনিখন গাঁৱৰ একমাত্ৰ পানী যোগান আঁচনিখনৰ মটৰ বিকল হোৱাত পানী যোগান ব্যাহত হৈ আছে সমগ্ৰ অঞ্চলটোত ৷ আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগক বহুবাৰ আঁচনিখনৰ কৰ্মৰত কৰ্মচাৰীক স্থানীয় ৰাইজে মেৰামতিৰ বাবে আৱেদন নিবেদন জনায় আহিছে যদিও কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভাগটোৰ বিৰুদ্ধে ।

আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই
আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই

By

Published : Feb 6, 2021, 8:34 AM IST

আমগুৰি,৬ ফেব্ৰুৱাৰীঃ আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চূড়ান্ত অকৰ্মন্যতাৰ ফল ভোগ কৰিছে সৰ্বসাধাৰণে ৷ আঢ়ৈ বছৰে বিকল হৈ আছে জাঁজী খাটোৱাল মাজুমেলীয়া পানীযোগান আঁচনি ৷ তিনিখন গাঁৱৰ একমাত্ৰ পানীযোগান আঁচনিখনৰ মটৰ বিকল হোৱাত পানী যোগান ব্যাহত হৈ আছে সমগ্ৰ অঞ্চলটোত ৷ আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগক বহুবাৰ আঁচনিখনৰ কৰ্মৰত কৰ্মচাৰীক স্থানীয় ৰাইজে মেৰামতিৰ বাবে আৱেদন নিবেদন জনায় আহিছে যদিও কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভাগটোৰ বিৰুদ্ধে ।

আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই
উল্লেখযোগ্য যে, আঢ়ৈ বছৰে আঁচনিখন বিকল হৈ থকাত স্থানীয় লোকে পুখুৰীৰ দূষিত পানীকে সেৱন কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ পিছতো আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰাত পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ উঠিছে স্থানীয় লোকসকল।
আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডী মিথ্যা সম্ৰাট: প্ৰদ্যুত বৰদলৈ

ABOUT THE AUTHOR

...view details