শিৱসাগৰ, 27 নৱেম্বৰঃশিৱসাগৰ নগৰৰ মাজমজিয়াত পুনৰ দিন ডকাইতিৰ ঘটনা পোহৰলৈ আহিছে ৷ পূৰ্বতে অনেকবাৰ অনুৰূপ ঘটনা সংঘটিত হৈ যোৱাৰ দৰে বুধবাৰে নগৰ খনৰ পৰিবহন নিগম তিনি আলিৰ সমীপৰ পৰা ডকাইতে চলন্ত দুচকীয়া বাহনৰ পৰা লুটি নিলে দুই লাখ টকা। নগৰৰ ষ্টেচন চাৰি আলিৰ শৈলেশ বাঞ্চালৰ মালিকাধীন এছিয়াটিক ট্ৰেভেলছৰ কৰ্মচাৰী আলিমুদ্দিন আহমেদৰ পৰা ডকাইতে লুটিলে এই ধন ।
জানিব পৰা মতে বুধবাৰে পুৱা শিৱসাগৰ নগৰৰ কানাড়া বেংকৰ শাখাৰ পৰা আহমেদে প্ৰতিষ্ঠানৰ দুই লাখ টকা উলিয়াই অনিছিল। ধন ভৰোৱা বেগটো তেওঁ ডিঙিত ওলোমাই এখন স্কুটিৰে প্ৰতিষ্ঠানলৈ আহি থকা অৱস্থাত এখন নীলা 220 পালচাৰ বাইকত অহা দুজন যুৱকে চলন্ত অৱস্থাত তেওঁৰ ধনৰ বেগ কাঢ়ি উধাও হয় । ঘটনা ইমান আকস্মিক আৰু ভয়াৱহ আছিল যে আহমেদে ডিঙিত ওলোমাই নিয়া বেগৰ ৰচী চিঙি যোৱাৰ লগতে আহমেদ পথৰ ওপৰত পৰি আঘাত প্ৰাপ্ত হয়। দিন দুপৰত বহু লোকৰ সন্মুখত এইদৰে ডকাইতে ধন খিনি কাঢ়ি লৈ এ.টি.ৰোড হৈ কে.পি.চাৰিআলিৰ দিশে পলায়ন কৰে।