আমগুৰি, ১১ অক্টোবৰ :আমগুৰিৰ খৰাগড়ত হাহাকাৰ পৰিৱেশ ।তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ খাৰুৱা তেলৰ পাইপ ফুটি তেল নিৰ্গমন অঞ্চলটোত (ONGC oil pipe leakage in Amguri)। লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰে ।
জানিব পৰা মতে খৰাগড়ৰ মোহন হাজৰিকা আৰু ফুকন আলি সংযোগী পথৰ ওপৰতে খাৰুৱা তেল নিৰ্গমন হৈছে । চাৰিআলি জিজিএচৰ অন্তৰ্গত খৰাগড় পথত এই ঘটনা সংঘটিত হৈছে । ইফালে পুৰণি পাইপ মেৰামতি নকৰাৰ ফলতেই বছৰত চাৰিবাৰকৈ পাইপ ফুটি তেল নিৰ্গমন হোৱাৰ অভিযোগ উত্থাপন হৈছে । অ'এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আতংকিত স্থানীয় লোকে (Public anger against ONGC)।
খৰাগড় পথৰ কাষেৰে যোৱা এই খাৰুৱা তেলৰ পাইপ স্থানান্তৰ কৰিবলৈও দাবী উত্থাপন কৰিছে ৰাইজে । তেল নিৰ্গমন হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজে আৰক্ষীক খবৰ দিয়ে । আমগুৰি আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয় ।
সমান্তৰালকৈ আৰক্ষীয়ে অ'এনজিচি কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে । কিন্তু অ'এনজিচি কৰ্তৃপক্ষ ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । অৱশ্যে পৰৱৰ্তী সময়ত অ'এনজিচি কৰ্তৃপক্ষই তেল নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় ।