অসম

assam

By

Published : Dec 14, 2020, 7:13 PM IST

ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন নিখিল ভাৰত কৃষক সভাৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নিখিল ভাৰত কৃষক সভাৰ শিৱসাগৰ জিলা কমিতিয়ে ৷ ফচলৰ উচিত মূল্য হ্ৰাস কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য নিম্নগামী কৰাৰ বিৰোধীতাৰে মোডী চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে কমিটিখনে ৷

cpi protest against farmer bill at sivsagar
কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন নিখিল ভাৰত কৃষক সভাৰ

শিৱসাগৰ, 14 ডিচেম্বৰ : শিৱসাগৰত নিখিল ভাৰত কৃষক সভা জিলা কমিতিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে চি পি আই নিখিল ভাৰত কৃষক সভাই ৷ 6 ডিচেম্বৰৰ পৰা দেশৰ কৃষক সকলে দিল্লীত কৰা তীব্ৰ প্ৰতিবাদৰ প্ৰতি সহাৰি জনাই নিখিল ভাৰত কৃষক সভাৰ শিৱসাগৰ জিলা কমিতিয়ে সোমবাৰে বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন নিখিল ভাৰত কৃষক সভাৰ

কৃষকৰ হাড়ভঙা কষ্টৰ বিনিময়ত ফচলৰ উচিত মূল্য হ্ৰাস কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য নিম্নগামী কৰি কৃষকৰ ওপৰত নৰেন্দ্ৰ মোডী চৰকাৰে যি মাধমাৰ সোধাইছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে নিখিল ভাৰত কৃষক সভা শিৱসাগৰ জিলা কমিতিয়ে ৷

ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবেও চৰকাৰক তীব্ৰ সমালোচনা কৰি আলু, পিয়াজ, দাইল, আটা আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনাই কমিটিয়ে ৷

লগতে পঢ়ক:প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details