আমগুৰি, 21 মে’ : শিৱসাগৰৰ নামতিত ক'ভিড আক্ৰান্ত ৰোগীক লৈ স্বাস্থ্য বিভাগে হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে ৷ নামতি ষ্টেচনৰ ব্যৱসায়ী ভোলা শৰ্মা নামৰ ব্যক্তিজন ক'ভিডত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে নিবলৈ ১০৮ সেৱাৰ ব্যৱস্থা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ পুৱাৰে পৰা ৫ ঘন্টা অতিক্ৰম কৰাৰ পিচতো চিকিৎসাৰ বাবে নিবলৈ নাহিল ভোলা শৰ্মাক ৷
কন্টেইনমেন্ট জ’নত চিকিৎসাৰ অভাৱত চটফটাইছে ক’ভিড ৰোগীয়ে
ক’ভিডত আক্ৰান্ত এগৰাকী ৰোগীয়ে চটফটাব লগীয়া হৈছে চিকিৎসাৰ অভাৱত ৷ প্ৰশাসনে ব্যক্তিজনৰ গৃহত কণ্টেইনমেণ্ট জ'ন কৰি ৰখাত কোনো লোক সহায়ৰ বাবে যাব পৰা নাই । বৰ্তমান ব্যক্তিজন সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷
নামতিত ক'ভিড ৰোগীক লৈ স্বাস্থ্য বিভাগে হেতালি খেলাৰ অভিযোগ
আনহাতে, প্ৰশাসনে ব্যক্তিজনৰ গৃহত কণ্টেইনমেণ্ট জ'ন কৰি ৰখাত কোনো লোক সহায়ৰ বাবে যাব পৰা নাই । বৰ্তমান ব্যক্তিজন সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ সেয়েহে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠিছে স্থানীয় লোক । বিনা চিকিৎসাই ক'ভিড আক্ৰান্ত ৰোগী ভোলা শৰ্মাক মৃত্যু মুখলৈ এৰি দিয়া কাৰ্যক সহজভাৱে ল'ব পৰা নাই ৰাইজে ।
লগতে পঢ়ক : কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল