নাজিৰা,1 জুন:ৰাজ্যত দিনক দিনে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ’ণা মহামাৰীক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ চৰকাৰ, প্ৰশাসনে ইখনৰ পিছত সিখন নিৰ্দেশনা (covid sop) জাৰি কৰিছে ।
সোমবাৰে নাজিৰাৰ শিমলুগুৰিৰ নাট্য মন্দিৰত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ লগতে স্থানীয় লোকসকলৰ মাজত ক'ৰণা মহামাৰী সম্পৰ্কীয় এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।