শিৱসাগৰ,8জুলাইঃ সমগ্ৰ ৰাজ্যত বৃদ্ধি পাইছে কোভিড-১৯ ৰোগৰ সংক্ৰমণ ৷ ৰাজ্যৰ ৰাজধানী হৈ পৰিছে হটস্পট । উজনিৰ বিভিন্ন জিলাত কৰ'ণাই জটিল ৰূপ ধাৰণ কৰিছে । শিৱসাগৰ জিলাত এইপৰ্যন্ত গণ সংক্ৰমণৰ ঘটনা নাই ৷ যদিও জিলাখনত বৰ্তমানে আক্ৰান্ত ৬০ গৰাকী ভ্ৰমণ বৃতান্ত সম্পন্ন তথাপিও সাৱধান হৈছে শিৱসাগৰ জিলা প্ৰশাসন । বুধবাৰৰ পৰা জিলাখনত যানবাহন পৰিবহণত প্ৰয়োগ কৰা হৈছে যুগ্ম-অযুগ্ম নীতি । বুধবাৰৰ পৰা শিৱসাগৰ জিলা আৰু গুৱাহাটীৰ মাজত যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিয়া হৈছে ।
কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত বিশেষ ব্যৱস্থা - যোগাযোগ সম্পূৰ্ণ বিছিন্ন
গুৱাহাটীৰ পৰা শিৱসাগৰ আৰু শিৱসাগৰৰ পৰা গুৱাহাটী যাত্ৰা পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত জিলা প্ৰশাসনে নিষিদ্ধ কৰি দিছে। সেইদৰে ৰোগ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা নিয়ম সমূহ কঠোৰ ভাৱে পালন কৰিবলৈ দিয়া হৈছে।
![কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত বিশেষ ব্যৱস্থা covid-19-situation-sivsagar-administration-special-rule-ragulation-pass](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7943053-86-7943053-1594205292902.jpg)
এতিয়া গুৱাহাটীৰ পৰা শিৱসাগৰ আৰু শিৱসাগৰৰ পৰা গুৱাহাটী যাত্ৰা পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত জিলা প্ৰশাসনে নিষিদ্ধ কৰি দিছে । সেইদৰে ৰোগ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা নিয়ম সমূহ কঠোৰ ভাৱে পালন কৰিবলৈ দিয়া হৈছে । এনে নিয়ম নমনাৰ বাবে নগৰৰ গণপটি নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিছে প্ৰশাসনে। গুৱাহাটীৰ পৰা অহা এগৰাকী ৰোগীক স্বাৱ লোৱাৰ পাছত কোৱাৰেণ্টাইন কৰা হৈছিল যদিও তেওঁ নিয়ম নামানি ঘূৰি ফুৰাৰ বাবে প্ৰশাসনে তেওঁৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।
ইপিনে বহু শিক্ষকে নীতি-নিয়ম নামানি ব্যক্তিগত টিউচন কৰি থকাৰ বাবে প্ৰশাসনে এই বিষয়ত অনুসন্ধান কৰিবৰ বাবে নিদেশ প্ৰদান কৰিছে । গুৱাহাটীৰ পৰা ইতিমধ্যে শিৱসাগৰলৈ অহা সকলো লোকক আছুতীয়াকৈ থকাৰ নিৰ্দেশ দিয়াৰ লগতে স্বাৱ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । মুঠৰ ওপৰত শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনক ৰোগ মুক্ত কৰি ৰাখিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । লগতে জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়কঃ প্ৰলয়ংকাৰী বান : সৰ্বশ্ৰান্ত ধুবুৰীৰ কৃষক