অসম

assam

ETV Bharat / state

ভয়ংকৰ : একেখিনি চিকিৎসা কৰ্মীৰে ক'ভিড আৰু সাধাৰণ ৰোগৰ চিকিৎসা ! - কৰ'ণা চিকিৎসালয়

সময় কেতিয়া স্বাভাৱিক হয় তাৰ কোনো নিশ্চয়তা নাই । কিন্তু এটা সত্য এয়ে যে এই দুঃসময়ত সকলোতকৈ বেছি আক্ৰান্ত আৰু নতুন অভিজ্ঞতাৰ সন্মুখীন হৈছে স্বাস্থ্যখণ্ড। একমাত্ৰ চিকিৎসাকৰ্মী সকলৰ আত্মনিয়োগ আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দৃঢ়তাৰ বাবে সমানে দুই পক্ষক চিকিৎসা প্ৰদান কৰাত সফল হৈছে চিকিৎসা কৰ্মীসকল ৷

COVID 19
COVID 19

By

Published : Jun 26, 2020, 10:00 PM IST

শিৱসাগৰ, 26 জুনঃ চিকিৎসালয় এখন কিন্তু ৱাৰ্ড দুটা ৷ এফালে সাধাৰণ ৱাৰ্ড আনফালে ক'ভিড ৱাৰ্ড ৷ দুই পক্ষক দিনে-নিশাই চিকিৎসা প্ৰদান কৰিছে একেখিনি স্বাস্থ্যকৰ্মীয়ে ৷ শিৱসাগৰ জিলাৰ 11 লাখ জনসংখ্যাৰ একমাত্ৰ ভৰষাৰ থল শিৱসাগৰ অসামৰিক চিকিৎসালয় ৷ ৫০০ খন বিচনাযুক্ত এই চিকিৎসালয়খনৰ বাহিৰে খাটিখোৱা সাধাৰণ জনতাৰ হাতত অন্য কোনো বিকল্প নাই । কিন্তু শেহতীয়া পৰিস্থিতিৰ ফলত বহু সলনি হ'ল এই চিকিৎসালয়খনৰ । দুভাগত বিভক্ত হ'ল ৫০০ খন বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয় । এটা ভাগ মূল চিকিৎসালয়ৰ পৰা সম্পূৰ্ণ পৃথক কৰি কভিড ৱাৰ্ড ৰূপে প্ৰতিষ্ঠা কৰাৰ পাছত সাধাৰণ ৰোগীৰ বাবে ৰৈ গ'ল মাত্ৰ আধা অংশ। কভিডৰ বাবে কেৱল যে চিকিৎসালয়ৰ পৰিসৰ কমি আহিল এনে নহয় । লগতে কমি আহিল স্বাস্থ্যকৰ্মীৰ সংখ্যা । পৰিসৰ কমাৰ ফলত একেলগে ৰাখিবলগীয়া হৈছে পুৰুষ-মহিলা ৷ সেইদৰে একেখিনি স্বাস্থ্যকৰ্মীয়ে অধিক সময় আৰু উৎসাহেৰে ৰোগীক সেৱা কৰিব লগা হৈছে ।

একেখিনি স্বাস্থ্যকৰ্মীয়ে কিদৰে চলাইছে দুখনকৈ চিকিৎসালয়

৩১ গৰাকী চিকিৎসক, ১২২ গৰাকী জিএনএম নাৰ্ছ , ৬ গৰাকী এএনএম নাৰ্ছ , ১৩ গৰাকী লেবৰেটৰী টেকনিচিয়ান আৰু ৯ গৰাকী ফাৰ্মাচিষ্ট থকা চিকিৎসালয়খনৰ কম বয়সীয়া এক বুজন অংশৰ কৰ্মীক কোভিড ৱাৰ্ডত নিয়োগ কৰা হৈছে । ফলত সাধাৰণ ৰোগীৰ চিকিৎসাৰ বাবে কমি গৈছে চিকিৎসক,নাৰ্ছ । ইয়াৰ মাজতো চিকিৎসা ব্যাহত নকৰাকৈ পৰিচালিত হৈ আছে সাধাৰণ ৰোগীৰ বিভাগ । দাঁত,চকু, নাক আদি দুটামান বিভাগৰ বাদে চিকিৎসালয়খনত সুকলমে চলি আছে সকলো বহিঃ বিভাগ, আইচিইউ আদি । যাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসক নাৰ্ছক এই চিকিৎসালয়খনত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এসপ্তাহ কভিড ৱাৰ্ডত চিকিৎসা সেৱা প্ৰদান কৰাৰ পাছত এজন চিকিৎসাকৰ্মীক ৭ দিনৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হয় । পুনৰ ৭ দিনৰ হোম কোৱাৰেণ্টাইনৰ পাছত প্ৰায় সোতৰ দিনৰ অন্তত পুনৰ কৰ্মত নিয়োগ কৰা হয় উক্ত চিকিৎসাকৰ্মীক ৷ এই সালসলনিৰ সময়তে চিকিৎসাকৰ্মীৰ অভাৱ হোৱা পৰিলক্ষিত হয় ৷ ফলশ্ৰুতিত একোজন স্বাস্থ্যকৰ্মীয়ে ধাৰাবাহিকভাৱে দায়িত্ব সম্পন্ন কৰিবলগীয়া হয় ৷

লগতে পঢ়কঃড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব মহানগৰ আৰক্ষী

এই সমস্যা আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো কিন্তু সাধাৰণ ৰোগীৰ বাবে চিকিৎসালয় খনত উপলব্ধ আছে ২৪ ঘণ্টাৰ আপাতকালীন সেৱা,প্ৰসূতি সেৱা,এক্স ৰে,আল্ট্ৰা ছাউণ্ড,ইচিজি,ব্লাড বেংক আদি ৷ খৰতকীয়া হোৱা নাই যদিও চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ৰোগীসকলক ৷

সময় কেতিয়া স্বাভাৱিক হয় তাৰ কোনো নিশ্চয়তা নাই । কিন্তু এটা সত্য এয়ে যে এই দুঃসময়ত সকলোতকৈ বেছি আক্ৰান্ত আৰু নতুন অভিজ্ঞতাৰ সন্মুখীন হৈছে স্বাস্থ্যখণ্ড। একমাত্ৰ চিকিৎসাকৰ্মী সকলৰ আত্মনিয়োগ আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দৃঢ়তাৰ বাবে সমানে দুই পক্ষক চিকিৎসা প্ৰদান কৰাত সফল হৈছে চিকিৎসা কৰ্মীসকল ৷

ABOUT THE AUTHOR

...view details