অসম

assam

ETV Bharat / state

Shikha Saikia suicide case: শিখা শইকীয়া আত্মহত্যাৰ গোচৰত এক দম্পত্তিক গ্ৰেপ্তাৰ - Shikha Saikia suicide case

শিৱসাগৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ আত্মহত্যাৰ নতুন মোৰ । ঘটনা সন্দৰ্ভত এক দম্পত্তিক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে । তিনিচুকীয়াৰ এখন বাছৰ পৰা দম্পত্তিটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Couple arrested in connection with Shikha Saikia suicide)। শিখা শইকীয়াই চুইচাইড নোটত লিখি থৈ গৈছিল তেওঁলোকৰ নাম ।

Shikha Saikia
শিখা শইকীয়া আত্মহত্যাৰ গোচৰত এক দম্পত্তিক গ্ৰেপ্তাৰ

By

Published : Jul 7, 2022, 2:52 PM IST

শিৱসাগৰ,৭ জুলাই :যোৱা ২৩ জুনত মাজনিশা দিখৌ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল শিৱসাগৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই (Health worker commits suicide in Sivasagar)। লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । দুদিন পাছত দিখৌত উদ্ধাৰ হৈছিল শিখা শইকীয়াৰ মৃতদেহ । আত্মহত্যাৰ ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ মাজতে যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক দম্পত্তিক ।

শিখা শইকীয়াৰ আত্মহত্যা সন্দৰ্ভত (Shikha Saikia suicide case) ৰুজো হোৱা ২৬১/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত নিৰিক্ষীত গগৈ আৰু ৰৌজি ৰাভা গগৈক তিনিচুকীয়াৰ এখন বাছৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা দম্পত্তিৰ ঘৰ শিৱসাগৰৰ লালীম গাঁৱত ।

শিখা শইকীয়া আত্মহত্যাৰ গোচৰত এক দম্পত্তিক গ্ৰেপ্তাৰ

আৰক্ষীৰ সূত্ৰই জনোৱা মতে শিখা শইকীয়া চুইচাইড নোটত ৰৌজী ৰাভা গগৈৰ নাম লিখি থৈ গৈছিল । ৰৌজী ৰাভা গগৈয়ে ৰাজহুৱাকৈ অপদস্থ কৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি চুইচাইড নোটত লিখি থৈ গৈছিল শিখা শইকীয়াই । ইয়াৰ পাছতে ২৪ জুনত শিখা শইকীয়াৰ মাতৃয়ে শিৱসাগৰ সদৰ থানাত ৰুজু কৰিছিল গোচৰ । কিন্তু বিগত ১২ দিনে পলাতক আছিল অভিযুক্ত দম্পত্তি । অৱশেষত নিশা তিনিচুকীয়াৰ এখন বাছৰ পৰাই আৰক্ষীয়ে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে আত্মহত্যাৰ পূৰ্বে যোৱা ১৮ জুনত শিখা শইকীয়াই ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে আমগুৰি থানাত এখন এজাহাৰো দাখিল কৰিছিল । ৰৌজি ৰাভা গগৈয়ে কালুগাঁও স্বাস্থ্য কেন্দ্ৰলৈ গৈ তেওঁক অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল শিখা শইকীয়াই । শিখা শইকীয়া আৰু নিৰিক্ষীত গগৈৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিয়েই ৰৌজি ৰাভা গগৈয়ে অপদস্থ কৰিছিল শিখা শইকীয়াক । আমগুৰি আৰক্ষীয়ে ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল যদিও ২৩ জুনৰ নিশা আত্মহত্যা কৰে শিখা শইকীয়াই ।

লগতে পঢ়ক :যোৰহাটত চোৰাং সোণসহ দুজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details