অসম

assam

ETV Bharat / state

উপ নিৰ্বাচনৰ ভোটগণনা : চাৰিটা সমষ্টিত ফুলিল পদুম - উপ নিৰ্বাচন

counting of votes for bypolls in five constituencies
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

By

Published : Nov 2, 2021, 9:31 AM IST

Updated : Nov 2, 2021, 4:43 PM IST

15:03 November 02

আজি বহু প্ৰত্যাশিত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ল ৷ বিৰোধীক ধূলিসাৎ কৰি পাঁচোটা সমষ্টিতে জয়যাত্ৰা অব্যাহত ৰাখিলে বিজেপি-ইউপিপিএলৰ মিত্ৰজোঁটে ৷ সেই অনুসৰি, থাওৰাত সুশান্ত বৰগোঁহাই, মৰিয়নীত ৰূপজ্য়োতি কুৰ্মী, ভৱানীপুৰত ফণী তালুকদাৰ, তামুলপুৰত জলেন দৈমাৰী আৰু গোঁসাইগাঁৱত জিৰণ বসুমতাৰীয়ে শেষ হাঁহি মাৰে ৷ গেৰুৱা বাহিনীৰ সন্মুখত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰে কংগ্ৰেছ আৰু এআইইউডিএফ ৷

13:59 November 02

অষ্টম ৰাউণ্ডৰ অন্তত 28 নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ শেহতীয়া তথ্য এনেধৰণৰ ৷ ইউপিপিএলে লাভ কৰিছে 51,351 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰে 24,010 টা ভোট, বিপিএফে লাভ কৰে 18,661 টা ভোট ৷ অষ্টম ৰাউণ্ডৰ অন্তত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে 27,341 টা ভোটত ৷

13:55 November 02

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত সপ্তম ৰাউণ্ডৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে লাভ কৰে 54,964 টা ভোট, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন ডেকাই লাভ কৰে 8863 টা ভোট, কংগ্ৰেছ দলৰ ভাস্কৰ দাহালে লাভ কৰে 5905 টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰে 12,593 টা ভোট ৷ সমষ্টিটোত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে 42,371 টা ভোটত আগ্ৰগতি লাভ কৰি আছে ৷

13:22 November 02

ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ জয়লাভ ৷ 63,355 টা ভোটত জয়লাভ প্ৰাৰ্থীগৰাকীৰ ৷ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰনাথ দাসে লাভ কৰিছে 38,324 টা ভোট ৷

13:00 November 02

মৰিয়নী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ ৷ 40,015 টা ভোটত জয়লাভ প্ৰাৰ্থীগৰাকীৰ ৷

12:56 November 02

ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত ভৱানীপুৰত বিজেপিৰ অগ্ৰগতি ৷ দলটোৱে লাভ কৰিছে 57,642 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 31,064 টা আৰু AIUDF এ লাভ কৰে 4,540 টা ভোট ৷

12:48 November 02

একাদশ ৰাউণ্ডৰ অন্তত মৰিয়নীৰ ফলাফল : বিজেপিয়ে লাভ কৰিছে 55,337 টা ভোট ৷ কংগ্ৰেছে লাভ কৰে 15,322 টা ভোট, ৰাইজৰ দলে লাভ কৰিছে 15,149 টা ভোট, সংগ্ৰামী মঞ্চই লাভ কৰিছে 1,369 ভোট ৷ 11 ৰাউণ্ডৰ অন্তত বিজেপিয়ে 40,015 টা ভোটত আগবাঢ়ি আছে ৷

12:44 November 02

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে লাভ কৰে 40,759 টা ভোট, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন ডেকাই লাভ কৰে 5109 টা ভোট, কংগ্ৰেছ দলৰ ভাস্কৰ দাহালে লাভ কৰে 4397 টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰে 8791 টা ভোট ৷ সমষ্টিটোত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে 31,968 টা ভোটত আগ্ৰগতি লাভ কৰি আছে ৷

12:40 November 02

নৱম ৰাউণ্ডৰ অন্তত 28 নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ শেহতীয়া তথ্য এনেধৰণৰ ৷ ইউপিপিএলে লাভ কৰিছে 42,959 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰে 18,191 টা ভোট, বিপিএফে লাভ কৰে 16,613 টা ভোট, নিৰ্দলীয়, 10,744 ৷ অষ্টম ৰাউণ্ডৰ অন্তত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে 24,768 টা ভোটত ৷

12:29 November 02

নৱম ৰাউণ্ডৰ অন্তত মৰিয়নীৰ ফলাফল : বিজেপিয়ে লাভ কৰিছে 50,344 টা ভোট ৷ কংগ্ৰেছে লাভ কৰে 13,363 টা ভোট, ৰাইজৰ দলে লাভ কৰিছে 12,670 টা ভোট, সংগ্ৰামী মঞ্চই লাভ কৰিছে 1,200 ভোট ৷ নৱম ৰাউণ্ডৰ অন্তত বিজেপিয়ে 36,981 টা ভোটত আগবাঢ়ি আছে ৷

12:19 November 02

অষ্টম ৰাউণ্ডৰ অন্তত 28 নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ শেহতীয়া তথ্য এনেধৰণৰ ৷ ইউপিপিএলে লাভ কৰিছে 38,106 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰে 15,088 টা ভোট, বিপিএফে লাভ কৰে 15,165 টা ভোট ৷ অষ্টম ৰাউণ্ডৰ অন্তত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে 22,941 টা ভোটত ৷

12:14 November 02

দ্বাদশ ৰাউণ্ডৰ অন্তত ভৱানীপুৰত বিজেপিৰ অগ্ৰগতি ৷ দলটোৱে লাভ কৰিছে 54420 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 28217 টা আৰু AIUDF এ লাভ কৰে 3081 টা ভোট ৷

12:09 November 02

সপ্তম ৰাউণ্ডৰ অন্তত মৰিয়নীৰ ফলাফল : বিজেপিয়ে লাভ কৰিছে 39534 টা ভোট ৷ কংগ্ৰেছে লাভ কৰে 10768 টা ভোট, ন’টা ভোট হৈছে 157 টা ৷ সপ্তম ৰাউণ্ডৰ অন্তত বিজেপিয়ে 28766 টা ভোটত আগবাঢ়ি আছে ৷

12:07 November 02

থাওৰা সমষ্টিত সপ্তম ৰাউণ্ডৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহায়ে নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰতকৈ 24823 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷

12:02 November 02

ভৱানীপুৰ সমষ্টিৰ 11 ৰাউণ্ডৰ অন্তত ভোটগণনাৰ ফলাফল এনেধৰণৰ- বিজেপিয়ে লাভ কৰিছে 50140 টা ভোট ৷ ইয়াৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছে লাভ কৰিছে 24980 টা ভোট ৷

11:40 November 02

সপ্তম ৰাউণ্ডৰ অন্তত 28 নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ শেহতীয়া তথ্য এনেধৰণৰ ৷ ইউপিপিএলে লাভ কৰিছে 30,600 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰে 12,184 টা ভোট, বিপিএফে লাভ কৰে 11,448 টা ৷ সপ্তম ৰাউণ্ডৰ অন্তত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে 18,416 টা ভোটত ৷

11:37 November 02

ভৱানীপুৰত নৱম ৰাউণ্ডতো বিজেপিৰ অগ্ৰগতি ৷ বিজেপিয়ে লাভ কৰিছে 45016 টা ভোট আৰু কংগ্ৰেছে লাভ কৰিছে 15671 টা ভোট ৷

11:25 November 02

থাওৰা সমষ্টিৰ ফলাফলৰ শেহতীয়া তথ্য : সপ্তম ৰাউণ্ডৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰতকৈ ১৬১২৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷

11:16 November 02

বিৰোধী শূণ্য কৰি ৫ সমষ্টিতেই বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি । থাওৰাত বিজেপিৰ সুশান্ত বৰগোঁহাই, মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ অগ্ৰগতি । গোঁসাইগাঁৱত বিজেপি মিত্রদল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী আৰু তামুলপুৰত জলেন দৈমাৰীৰ অগ্ৰগতি। ভৱানীপুৰত ৮০০০ ৰো অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ ফণী তালুকদাৰ ।

11:10 November 02

ষষ্ঠ ৰাউণ্ডৰ অন্তত বিজেপিয়ে মৰিয়নীত প্ৰায় 24 হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে ৷

11:07 November 02

ভৱানীপুৰ সমষ্টিৰ সপ্তম ৰাউণ্ডৰ অন্তত ফলাফল- বিজেপিৰ 36536 টা ভোট আৰু কংগ্ৰেছৰ 8820 টা ভোট ৷

10:53 November 02

মৰিয়নীত সামৰণি পৰিছে চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা ৷ এই ৰাউণ্ডৰ অন্তত বিজেপিয়ে লাভ কৰিছে 5424 টা ভোট, কংগ্ৰেছে 1832 টা, ৰাইজৰ দলে 1071 টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে 1077 টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা 133 টা ৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপিয়ে 19,900 টা ভোটত অগ্ৰগতি লাভ কৰিছে ৷

10:27 November 02

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে লাভ কৰে 6667 টা ভোট, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন ডেকাই লাভ কৰে 407 টা ভোট, কংগ্ৰেছ দলৰ ভাস্কৰ দাহালে লাভ কৰে 1147 টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰে 2035 টা ভোট ৷

10:23 November 02

পঞ্চম ৰাউণ্ডৰ অন্তত থাওৰাত বিজেপিৰ অগ্ৰগতি ৷ বিজেপিয়ে লাভ কৰা ২০.৬০৬ টা ভোটৰ বিপৰীতে ৰাইজৰ দলে লাভ কৰিছে ৯৭২১ টা ভোট ৷ পঞ্চম ৰাউণ্ডৰ অন্তত ১০৮৮৫ ভোটত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ অগ্ৰগতি ৷

10:09 November 02

ভৱানীপুৰ সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপিয়ে লাভ কৰিছে 10164 টা ভোট ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 2325 টা ভোট ৷ AIUDF য়ে লাভ কৰে 454 টা ভোট ৷ সমষ্টিটোত তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডৰো ভোটগণনাৰ অন্ত পৰিছে ৷ তৃতীয় ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ বিজেপিৰ ফণী তালুকদাৰৰ ৷ তালুকদাৰে লাভ কৰে ১৪,২৩১ টা ভোট ৷ কংগ্ৰেছে ৪৫৮৫ টা, এআইইউডিএফে ৯৬১ টা ভোট ৷ ইফালে চতুৰ্থ ৰাউণ্ডতো বিজেপিয়ে লাভ কৰে 19078 টা ভোট ৷ তদুপৰি নিকটতম প্ৰতিদ্বন্দ্বী এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে 987 টা ভোট ৷

09:57 November 02

মৰিয়নী সমষ্টিৰ বৰ্তমানলৈকে হোৱা ভোটগণনাত বিজেপিয়ে লাভ কৰিছে 5895 টা ভোট ৷ কংগ্ৰেছে 1516 টা, ৰাইজৰ দলে 1616 টা ভোট লাভ কৰে ৷ ইয়াৰ বিপৰীতে ন’টা ভোট লাভ কৰিছে 151 টা ৷ সমষ্টিটোত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷

09:54 November 02

থাওৰা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰতকৈ ৭৯০৫ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে । বিজেপিয়ে ভোট লাভ কৰিছে ১৫৯৪৬ টা ৷ ইয়াৰ বিপৰীতে ৰাইজৰ দলে লাভ কৰিছে ৮০৪১ টা ভোট ৷

09:51 November 02

গোঁসাইগাঁৱত পিছ পৰিল কংগ্ৰেছ । সমষ্টিটোত UPPL ৰ প্ৰাৰ্থীৰ অগ্ৰগতি লাভ । প্ৰায় ৩০০০ ৰো অধিক ভোটত অগ্ৰগতি UPPL ৰ প্ৰাৰ্থীগৰাকী। এই সমষ্টিটোত কংগ্ৰেছ আগবাঢ়ি আছিল যদিও শেহতীয়াকৈ পিছ পৰাৰ খবৰ আহিছে ৷

09:47 November 02

ভৱানীপুৰ সমষ্টিত বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে 5754 টা ভোট ৷ সমষ্টিটোত প্ৰথম ৰাউণ্ডৰ অন্তত অগ্ৰগতি বিজেপিৰ ৷

09:19 November 02

থাওৰাত দ্বিতীয় ৰাউণ্ডত নিকটতম প্ৰতিদ্বন্দ্বী ধৈৰ্য কোঁৱৰতকৈ সুশান্ত বৰগোঁহাই আগবাঢ়ি আছে 4590 টা ভোটত ৷ ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে লাভ কৰিছে মাত্ৰ 1439 টা ভোট । ইতিমধ্যে সমষ্টিটোত তৃতীয় ৰাউণ্ডৰ ফলাফল গণনাৰ অন্ত পৰিছে ৷ তৃতীয় ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ 5746 টা ভোটত আগবাঢ়ি আছে সুশান্ত বৰগোঁহাই ৷ বিজেপি প্ৰাৰ্থী সুশান্তই লাভ কৰিছে 12354 টা ভোট ৷ ইয়াৰ বিপৰীতে ধৈৰ্য কোঁৱৰে লাভ কৰিছে 5807 টা ভোট ৷

09:03 November 02

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা অব্যাহত ৷ মুঠ ভোটাৰ 7,96,456 গৰাকীৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 31 গৰাকী প্ৰাৰ্থীয়ে ৷ 28 নং গোঁসাইগাঁও, 41 নং ভৱানীপুৰ, 58 নং তামুলপুৰ, 101 নং মৰিয়নী আৰু 107 নং থাওৰা সমষ্টিত শেষ হাঁহি মাৰিব কোনে ? 

Last Updated : Nov 2, 2021, 4:43 PM IST

ABOUT THE AUTHOR

...view details