অসম

assam

Corruption in PHC: জন্ম-মৃত্যু প্ৰমাণপত্ৰ প্ৰদানৰ নামত কালুগাঁও স্বাস্থ্যকেন্দ্ৰত চলিছে দালালৰাজ

By

Published : Feb 9, 2023, 2:27 PM IST

শিৱসাগৰ জিলাৰ কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলিছে দালালৰাজ (Corruption in Kalugaon PHC) ৷ জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ব্যাপক হাৰত সংগ্ৰহ কৰা হৈছে ধন ৷ স্বাস্থ্যবিভাগৰে এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷

Corruption in PHC
জন্ম-মৃত্যু প্ৰমাণপত্ৰ প্ৰদানৰ নামত কালুগাঁও স্বাস্থ্যকেন্দ্ৰত চলিছে দালালৰাজ

জন্ম-মৃত্যু প্ৰমাণপত্ৰ প্ৰদানৰ নামত কালুগাঁও স্বাস্থ্যকেন্দ্ৰত চলিছে দালালৰাজ

আমগুৰি, 9 ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত চলিছে ৰমৰমীয়া বেহা ৷ জন্মু আৰু মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত স্বাস্থ্য কেন্দ্ৰটোত দালালৰাজ (Corruption in Kalugaon PHC) চলাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আবু ৱাৰিছ নামৰ স্বাস্থ্যবিভাগৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভযোগ ৷ কৰ্মচাৰীজনে প্ৰতিখন জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বাবদ 200, 500, 700 টকাৰ পৰা 1000 টকা পৰ্যন্ত সংগ্ৰহ কৰাৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে ৷

সদৌ অসম ছাত্ৰ সন্থা, শ’লগুৰি আঞ্চলিক সমিতিয়ে জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰৰ দিয়াৰ নামত বৃহৎ টকা সংগ্ৰহ কৰি কোনো ধৰণৰ নথি-পত্ৰ অথবা ৰচিদ প্ৰদান নকৰাৰ অভিযোগ কৰিছে আবু ৱাৰিছ নামৰ কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে ৷ স্থানীয় ৰাইজেও কৰ্মচাৰীগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এই দৰে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে (Taking money for issuing Birth and death certificate) ৷

শ’লগুৰি মৌজাৰ অন্তৰ্গত এক বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ একমাত্ৰ আশা-ভৰসাৰ স্থল কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই দৰে দালালৰাজ আৰম্ভ হোৱা ঘটনাক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷ কিন্তু তাৎপৰ্যপূৰ্ণ এইগৰাকী কৰ্মচাৰীৰ দালালৰাজ বছৰ বছৰ ধৰি চলি থকাৰ কথা অৱগত হোৱাৰ পাচতো কিয় ইমান দিনে স্থানীয় ৰাইজ অথবা দল-সংগঠন মৌনীবুদ্ধ হৈ আছিল তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷

আবু ৱাৰিছ নামৰ এইগৰাকী দালাল, ধুৰন্ধৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ পৰা সাৰি যাব পৰা নাই অতি দৰিদ্ৰ পৰিয়ালৰ লোকো ৷ কেইদিনমান পূৰ্বে স্বামীক হেৰুৱাই সৰ্বস্বান্ত হোৱা এগৰাকী মহিলাৰ পৰাও মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

উল্লেখ্য যে, সকলো চৰকাৰী কাৰ্যালয় দুৰ্নীতিমুক্ত কৰিবলৈ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু ইয়াৰ পাচতো চৰকাৰী ধনেৰে খঁক নপলায় একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ এইগৰাকী স্বাস্থ্যবিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া চৰকাৰ তথা স্বাস্থ্যবিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক:Pregnant Teenager Died: আৰক্ষীৰ ভয়ত ঘৰতেই সন্তান প্ৰসৱ কৰোৱাৰ চেষ্টা; যোগীঘোপাত 16 বছৰীয়া অন্তঃসত্বাৰ মৃত্যু

ABOUT THE AUTHOR

...view details