অসম

assam

ETV Bharat / state

Controversy in Chilarai Bhavan: চিলাৰায় ভৱন নিৰ্মাণত আৱণ্টিত পুঁজিক লৈ বিতৰ্ক - Controversy in Chilarai Bhavan

শিৱসাগৰ জিলাৰ চিলাৰায় ভৱন নিৰ্মাণত সৃষ্টি হৈছে বিতৰ্ক । নিৰ্মীয়মাণ চিলাৰায় ভৱনৰ নামত আৱণ্টিত পুঁজিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল-সংগঠনে । অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সঞ্চালকৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা হৈছে ।

Controversy over funds allocated for construction of Chilarai Bhavan
চিলাৰায় ভৱন নিৰ্মাণত আৱন্তিত পুঁজিক লৈ বিতৰ্ক

By

Published : Aug 3, 2023, 5:00 PM IST

চিলাৰায় ভৱন নিৰ্মাণত আৱন্তিত পুঁজিক লৈ বিতৰ্ক

শিৱসাগৰ,৩ আগষ্ট: শিৱসাগৰ জিলাৰ নিৰ্মীয়মাণ চিলাৰায় ভৱনৰ আৱণ্টিত পুঁজিক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে । যাক কেন্দ্ৰ কৰি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই বুধবাৰে শিৱসাগৰ সদৰ থানাত অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সঞ্চালকৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে । এই সন্দৰ্ভত অনুসূচিত জাতি ছাত্র সন্থাৰ সম্পাদক পৰশ দাসে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

তেওঁ কয় যে, দিচপুৰ সৰুমটৰীয়াস্থিত অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ণ নিগম লিমিটেডৰ দ্বাৰা প্ৰদান কৰা শিৱসাগৰ চিলাৰায় ভৱন নিৰ্মাণ কাৰ্যৰ নিৰ্দেশ পত্ৰখনিয়েই স্পষ্ট ৰূপত প্ৰমাণ কৰে যে, এই ভৱন নিৰ্মাণকাৰ্যত আবন্টিত ধন মুঠ ২ কোটি ১০ লাখ টকা অনুসূচিত জাতিৰ পূঁজিৰ ধন । সন্থাই প্ৰকাশ কৰে যে অসমৰ চুকে-কোণে চিলাৰায় ভৱন নিৰ্মাণ কৰক । এয়া এক যোগাত্মক পদক্ষেপ ।

কিন্তু অনুসূচিত জাতিৰ উন্নয়নৰ ধন অনা অনুসূচিত জাতিৰ শিতানত খৰচ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । অসমৰ প্ৰায় প্ৰতিখন জিলাতেই এনেদৰে অনুসূচিত জাতিৰ পূজিৰ ধনৰে উল্লেখিত ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে । এয়া অনুসূচিত জাতিৰ প্ৰতি কৰা চৰম অন্যায় ।

সেয়েহে সন্থাই আজি শিৱসাগৰ সদৰ থানাত অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগমৰ পৰিচালক সঞ্চালকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বুলি কৰে । সন্থাই ব্যক্ত কৰে যে, অসমৰ অনুসূচিত জাতিক প্ৰতাৰণা কৰাৰ উপৰিও অনুসূচিত জাতিৰ আৰ্থ সামাজিক উন্নয়নত হেঙাৰ হ'ব পৰাকৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । কেৱল ইমানতে সীমাবদ্ধ নাথাকি অসমত অনুসূচিত জাতিৰ সহিতে অন্য জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছে ।

সন্থাই সমগ্ৰ ঘটনাৰ সহিতে আন দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনাই । আনহাতে বিষয় সন্দৰ্ভত আক্ৰাছুৰ তৰফৰ পৰাও স্পষ্টীকৰণ প্ৰদান কৰি পুঁজি বিতৰণৰ ক্ষেত্ৰত অনুসূচিত জাতি ছাত্র সন্থাই এক ভুল ধাৰণা পোষণ কৰি ৰখা বুলি উল্লেখ কৰিছে । উল্লেখযোগ্য যে আক্ৰাছুৰ উক্ত চিলাৰায় ভৱন নিৰ্মাণ ইতিমধ্যে এক ভূমি বিবাদত সোমাই পৰাৰ বাবে আদালতে নিৰ্মাণত স্থগিতাদেশ জাৰী কৰে ।

লগতে পঢ়ক:Police encounter in Guwahati: মহানগৰীত আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুই চোৰ

ABOUT THE AUTHOR

...view details