শিৱসাগৰ, 25 জুলাই :শিৱসাগৰ জিলাৰ থাওৰা বিধান সভা সমষ্টিক (Thaora Constituency) লৈ অব্যাহত আছে ৰাজনৈতিক মেৰপেচ । বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থী সুশান্ত বৰগোঁহাই (congress MLA Sushanta Borgohain)য়ে বিজেপি দললৈ গমন কৰিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা চলিছে । এনে সময়ত বিজেপি অথবা কংগ্ৰেছ দলৰ শীৰ্ষ সূত্ৰৰ পৰা কোনো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও আজি থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ নেতা কুশল দুৱৰী (Kushal Duori) কেতবোৰ বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰিছে ।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন বিধায়ক(ex MLA) গৰাকীয়ে কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাইয়ে বিজেপি দলত যোগদান কৰিলে তেওঁৰ কৰণীয় সন্দৰ্ভত স্থিতি মুকলি কৰে । তেওঁ কয় যে, থাওৰা সমষ্টিৰ ৪৬ হাজাৰ ভোটাৰ তেওঁৰ পক্ষত আছে আৰু সময়ত প্ৰয়োজন সাপেক্ষে তেওঁ ভোটাৰ সকলৰ সৈতে আলোচনা কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিব । তেওঁ এই বিষয়ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, এইবাৰৰ নিৰ্বাচিত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ কংগ্ৰেছ দল ত্যাগ সন্দৰ্ভত সিংহভাগ কংগ্ৰেছ কৰ্মীৰ সহমত নাই ।