শিৱসাগৰ, 7 আগষ্ট : শিৱসাগৰ নগৰৰ ১২ নং ৱাৰ্ডৰ জামাল আহমেদ পথত উত্তপ্ত পৰিস্থিতি। কণ্টেনমেণ্ট জ'নৰ লোকে খাদ্য সামগ্ৰী নোপোৱাক লৈ প্ৰতিবাদ । বিগত ১২ দিন ধৰি কণ্টেনমেণ্ট জ'নত থকা লোক সকলে নাই পোৱা কোনো খাদ্য সামগ্ৰী । দৈনিক কাম কৰি পেটৰ ভাত মোকলোৱা লোক সকলে কণ্টেনমেণ্ট জ'নত যমৰ যাতনা ভুগিছে বুলি দাবী তুলিছে । কিন্তু এই সন্দৰ্ভত প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে লোকসকলে । যাৰ বাবে বৃহস্পতিবাৰে কণ্টেনমেণ্ট জ'নত থকা প্ৰায় ৭০ গৰাকী লোকে সাব্য়স্ত কৰে প্ৰতিবাদ ।
চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি সুবিধা নোপোৱাৰ উপৰিও এজন বিজেপি নেতাই সহায় আগবঢ়োৱাৰ সলনি কৰা অপমান কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠে ১২ নং ৱাৰ্ডৰ এই সকল কণ্টেনমেণ্ট জ'নৰ লোক । জ'নৰ লোক সকলক সহায় প্ৰদান কৰা সলনি শিৱসাগৰ পৌৰ সভাৰ প্ৰাক্তন পৌৰনেত্ৰী মৃদুস্মিতা সিন্হাৰ পুত্ৰ তথা ক’ভিডৰ দায়িত্বৰে বিভিন্ন কৰ্মত জড়িত হৈ থকা যুৱকজনে বৃহস্পতিবাৰে খাদ্য সামগ্ৰী বিতৰণৰ বাবে আহি উপলুঙা কৰে এই সকল কণ্টেনমেণ্ট জ'নত থকা লোকক ।