শিৱসাগৰ, 23 জুলাই :শিৱসাগৰ পৌৰসভা (Sivasagar Municipality)ৰ অন্তৰ্গত শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ আৱণ্টনক লৈ এক কুটিল ষড়যন্ত্ৰ চলি থকাৰ তথ্য পোহৰলৈ আহিছে । বিগত দিনবোৰৰ দৰে এইবাৰো বজাৰ দখলৰ বাবে একাংশ নিবিদাকাৰী আৰু পৌৰসভাৰ কৰ্মচাৰীয়ে সমগ্ৰ নিবিদা প্ৰক্ৰিয়াটো জটিল কৰি আইনৰ মেৰপাকলৈ নিয়াৰ অভিসন্ধি কৰা বুলি জানিব পৰা গৈছে ৷ বিগত 26 জুনত শিৱসাগৰ পৌৰসভাই নগৰৰ কেন্দ্ৰীয় বজাৰৰ নিবিদা গ্ৰহণ কৰিছিল । উক্ত নিবিদাত পৌৰসভাই ধাৰ্য কৰি দিয়া নূন্যতম 69,00,500 টকা নিবিদা মূল্যৰ ওপৰত মুঠ 8 গৰাকী ঠিকাদাৰে প্ৰদান কৰিছিল নিবিদা ৷
ইয়াৰে ভিতৰত সৰ্বোচ্চ নিবিদা প্ৰদানকাৰীক 88,35,000 টকাৰ বিনিময়ত ঠিকা প্ৰদান কৰিবলৈ শিৱসাগৰ পৌৰসভাই প্ৰস্তুতি চলায় যদিও ৰহস্যজনকভাৱে উচ্চ নিবিদা প্ৰদান কৰা 3 গৰাকী নিবিদাকাৰীয়ে ক’ভিড (Covid) পৰিস্থিতিৰ দোহাই দি নিবিদা উঠাই লয় । এনে পৰিস্থিতিত নিয়ম অনুসাৰে নতুন নিবিদাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে শিৱসাগৰ পৌৰসভাই ৷