শিৱসাগৰ, ১৮ জানুৱাৰী :শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ ভূমি কেলেংকাৰীৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । বিভিন্ন দল, সংগঠনে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ কৰাও দেখা গৈছে । ইয়াৰ মাজতে শিৱসাগৰত কংগ্ৰেছ দলে ভূমি কেলেংকাৰীক লৈ পুনৰ সৰৱ হৈ পৰে (Congress reacts to CM's family land scam) । শিৱসাগৰ নগৰৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত দলটোৱে এই কেলেংকাৰীৰ উচিত তদন্ত দাবী কৰে ।
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ মনোৰঞ্জন কোঁৱৰে এনে ভূমি কেলেংকাৰী সন্দৰ্ভত ভূমি আইনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পত্নী মালিকাধীন কোম্পানীৰ এই ভূমি আৱণ্টন সম্পূৰ্ণ অবৈধ বুলি উল্লেখ কৰি ইয়াৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰী গৰাকীয়ে স্বীকাৰ কৰা উচিত বুলি দাবী কৰে । প্ৰায় এমাহৰ পূৰ্বে এক ৱেব মিডিয়াৰ জৰিয়তে এনে কেলেংকাৰী পোহৰলৈ অহাৰ পাছত কংগ্ৰেছ দলে অসমৰ ৰাজ্যপালক অৱগত কৰি এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছিল যদিও আজি পৰ্যন্ত কোনো ফলাফল নোলাল ।