অসম

assam

By

Published : Jun 22, 2022, 11:53 AM IST

ETV Bharat / state

Congress Protest: বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতিৰ অভিযোগত নাজিৰাত কংগ্ৰেছৰ প্ৰতিবাদ

ৰাহুল গান্ধীৰ বিৰুদ্ধে চৰকাৰৰ প্ৰতিশোধ ৰাজনীতি (Revenge politics of government) । ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ অব্য়াহত। নাজিৰাতো জনালে প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে বিৰোধী নেতাৰ ওপৰত অত্যাচাৰ বন্ধৰ জনালে দাবী ।

Congress Protest: বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতিৰ অভিযোগত নাজিৰাত কংগ্ৰেছৰ প্ৰতিবাদ
Congress Protest: বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতিৰ অভিযোগত নাজিৰাত কংগ্ৰেছৰ প্ৰতিবাদ

নাজিৰা,২২জুন: চৰকাৰৰ বিৰুদ্ধে দেশৰ অন্য় প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছৰ প্ৰতিবাদ অব্য়াহত (Congress continue protest in Assam)। কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি চৰকাৰে প্ৰতিশোধ পৰায়ণ ৰাজনীতি কৰাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে নাজিৰা মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মূখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য লক্ষ্মীনাথ সন্দিকৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান, মৃদুল বৰগোহাঁই, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰ্পূৱ বৰুৱা, হেমন্ত শইকীয়া, যোচেফ সিং, দিগন্ত সন্দিকৈ, মদন ৰয়, জ্যেষ্ঠ নেতা সভাৰাম গগৈ আদিকে ধৰি সমষ্টিটোৰ এন এছ ইউ আইৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদকাৰী সকলে 'অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰক, বিজেপি চৰকাৰৰ বৈষম্যমূলক নীতি বন্ধ কৰক, গণতন্ত্ৰ হত্যা বন্ধ কৰক, সাহস আছে যদি বিজেপি দলৰ ভ্ৰষ্টাচাৰী নেতাক গ্ৰেপ্তাৰ কৰক, বিৰোধী নেতাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ' আদি বিভিন্ন শ্ল'গানেৰে চৰকাৰৰ নীতিৰ বিৰোধিতা কৰে ।

ইয়াৰ পাচতে চৰকাৰৰ প্ৰতিশোধ পৰায়ণ ৰাজনীতিৰ বন্ধ কৰা আৰু বিৰোধী নেতাক কৰা অত্যাচাৰ-ৰাহুল গান্ধীৰ বিৰুদ্ধে জাপি দিয়া ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবী জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে নাজিৰা ব্লক কংগ্ৰেছে ৰাষ্ট্ৰপতিলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Agnipath Scheme: অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details