অসম

assam

ETV Bharat / state

শিৱসাগৰত কংগ্ৰেছ নামিল প্ৰতিবাদত

বিজেপিয়ে গণতন্ত্ৰ মাৰি পেলাইছে ৷ গণতন্ত্ৰৰ কাঠামো আৰু সংবিধানখন ধৰি ৰখাৰ স্বাৰ্থত কংগ্ৰেছে যুঁজ অব্যাহত থাকিব ৷ বিজেপিয়ে নিজৰ দুৰ্নীতি ঢাকিবলৈ কংগ্ৰেছৰ ওপৰত ভুৱা প্ৰতিশোধ লৈছে ৷ এই অভিযোগ কংগ্ৰেছৰ ৷

শিৱসাগৰত কংগ্ৰেছ নামিল প্ৰতিবাদত
শিৱসাগৰত কংগ্ৰেছ নামিল প্ৰতিবাদত

By

Published : Jun 17, 2022, 6:30 PM IST

শিৱসাগৰ, 17 জুন :বিজেপিয়ে গণতন্ত্ৰ মাৰি পেলাইছে ৷ গণতন্ত্ৰৰ কাঠামো আৰু সংবিধানখন ধৰি ৰখাৰ স্বাৰ্থত কংগ্ৰেছে যুঁজ অব্যাহত থাকিব ৷ বিজেপিয়ে নিজৰ দুৰ্নীতি ঢাকিবলৈ কংগ্ৰেছৰ ওপৰত ভুৱা প্ৰতিশোধ লৈছে ৷ শিৱসাগৰ জিলা কংগ্ৰেছে উল্থাপন কৰিছে এই অভিযোগ ৷ বিজেপি দলৰ দমনমূলক কাৰ্যৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছ দল নামিল প্ৰতিবাদত (congress protest)৷

শিৱসাগৰত কংগ্ৰেছ নামিল প্ৰতিবাদত

শুকুৰবাৰে শিৱসাগৰ জিলা কংগ্ৰেছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিজেপি চৰকাৰৰ শোষণ আৰু দমনমূলক নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে ৰাইজৰ পক্ষত মাত মতাৰ বাবে কংগ্ৰেছ হাই কামাণ্ড ৰাহুল গান্ধীক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ভয় দেখুৱাই বহু বছৰৰ পুৰণি হেৰল্ড কাকতৰ ধন হৰলুকিৰ কেচত অত্যাচাৰ আৰম্ভ কৰিছে ৷

কংগ্ৰেছ দলে বিজেপি দলৰ অপশাসন উদঙাই দিয়াৰ বাবেই এনে দমনমূলক নীতিৰে কংগ্ৰেছ দলৰ মুখ্য নেতাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও ব্যক্ত কৰে শিৱসাগৰ জিলা কংগ্ৰেছে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা বিজেপি দলক এনে নিন্দনীয় কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে জিলা কংগ্ৰেছে ৷

লগতে চাওক :লখিমপুৰত ৰঙানদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ: তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details