শিৱসাগৰ,26ডিচেম্বৰ :শনিবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা ছত্তিশগড়ৰ ৰায়পুৰ পশ্চিম সমষ্টিৰ বিধায়ক তথা সংসদীয় সচিব বিকাশ উপাধ্যায়ে ৷ সংবাদ মেলত সম্পাদকগৰাকীয়ে উজনি অসমৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকলক সাক্ষাৎ কৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো কিমান সাজু সেই সন্দৰ্ভত পৰ্যবেক্ষণ কৰা বুলি জানিবলৈ দিয়ে ৷ তদুপৰি নিৰ্বাচনৰ কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বিজেপি দলে কংগ্ৰেছ দলৰ পৰা নেতা ধাৰ কৰি অসমত বিজেপি দলৰ শাসন চলাইছে বুলি অভিযোগ কৰে ৷
ইপিনে,সংবাদমেলত গোলঘাটৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ কথা উল্লেখ কৰি বিভিন্ন হেঁচা আৰু প্ৰলোভন প্ৰদান কৰি বিজেপি দলে কংগ্ৰেছৰ নেত্ৰী গৰাকীক বিজেপিকৰণ কৰিলে বুলি কয় নেতাগৰাকীয়ে ৷ তদুপৰি নিজৰ উচ্চাকাংক্ষাৰ বাবে অজন্তা নেওগে বিজেপি দলত যোগ দিব লৈছে বুলিও কটাক্ষ কৰে নেতাগৰাকীয়ে ৷