শিৱসাগৰ, 13 আগষ্ট :গেৰুৱা দল,ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰতি অসমৰ ৰাইজৰ মোহ ভংগ হৈছে । বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰে মানুহৰ আৱেগক শোষণ কৰি ৰাইজক প্ৰতাৰণা কৰিছে,বুলি বিজেপিবিৰোধী মন্তব্য় কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰিপুন বৰাই ৷
হতাশাগ্ৰস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুন বৰা লগতে পঢ়কঃসপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ
সংবাদমেলৰ জৰিয়তে কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পদ নোপোৱাৰ ফলত ক্ৰমান্বয়ে হতাশ হৈ পৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ শেহতীয়াকৈ বিত্তমন্ত্ৰীৰ নিৰ্বাচনকেন্দ্ৰীক ঘোষণাসমূহকো সমালোচনা কৰে ৰিপুন বৰাই ৷ লগতে বিত্তমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা এতোলা সোণ দিয়া,স্কুটি প্ৰদান কৰিম বুলি কোৱা আঁচনিসমূহৰ বর্তমানৰ অৱস্থা কি বুলি ওলোটাই প্ৰশ্ন বান এৰে বৰাই ।
আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ বাবে উজনি অসম ভ্ৰমণ কৰা সভাপতিগৰাকীয়ে ৰাইজে বিকল্পৰ সন্ধান কৰিছে বুলি উল্লেখ কৰে ৷ লগতে কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত মহাজোঁট বন্ধনৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি সাংবাদিকৰ আগত অৱগত কৰে । ইয়াৰোপৰি, AIUDFসহ ভালেমান দলৰ সৈতে মহাজোঁট গঠন কৰি নিৰ্বাচনী ৰণত নামিবলৈ দলটো সাজু হৈছে বুলি সংবাদমেলৰ জৰিয়তে ৰিপুন বৰাই প্ৰকাশ কৰে ।
লগতে পঢ়কঃ প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাতৰিক খণ্ডন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰ-কন্যাৰ
সভাপতিগৰাকীয়ে দিচাংমুখ টেকেলিফুটা দলং নিৰ্মাণ,কাম বন্ধ হৈ থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে ৷ লগতে কংগ্ৰেছ দল শাসনলৈ আহিলে ভালেমান উন্নয়নমূলক কাম-কাজ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰিপুন বৰাই । লগতে EIA বাতিলৰো দাবী কৰে ৰিপুন বৰাই ৷ পৰিৱেশ সম্পৰ্কীয় এই খচৰাখনে ভাৰতৰ লগতে ৰাজ্যলৈও অন্ধকাৰ নমাই আনিব বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷
জুবিন গাৰ্গৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছ আনহাতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক বুধবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । উল্লেখযোগ্য যে এই সংবাদমেলৰ পাছতে ৩৫ গৰাকীকৈ যুৱ প্রজন্মই কংগ্ৰেছ দলত যোগদান কৰে ।