অসম

assam

By

Published : Feb 7, 2021, 6:07 PM IST

Updated : Feb 7, 2021, 6:45 PM IST

ETV Bharat / state

আমগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ

অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তুংগত উঠিছে শাসক বিৰোধীৰ শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ এফালে ঢেকিয়াজুলিত বিশাল গণ সমাৱেশক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ ৷ আনফালে আমগুৰিতো কংগ্ৰেছে আয়োজন কৰিলে গণ সমাৱেশৰ ৷ আমগুৰিৰ গণ সমাৱেশত প্ৰায় পাঁচ হাজাৰ কংগ্ৰেছ কৰ্মীৰ উপস্থিতি ৷

আমগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ
আমগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ

আমগুৰি, 7 ফেব্ৰুৱাৰী:অসম বিধান সভাৰ দিন চমু চাপি অহাৰ লগে লগে শাসক, বিৰোধী তথা অন্যান্য প্ৰতিদ্বন্দী ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচন কেন্দ্ৰীক বাকযুদ্ধত লিপ্ত হোৱাৰ উপৰিও প্ৰত্যেক ৰাজনৈতিক দলেই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে যেন ৰোৱা নাই পিছ পৰি ৷ দেওবাৰে ৰাজ্যখনৰ দুই ভিন্ন প্ৰান্তত অনুষ্ঠিত বিজেপি আৰু কংগ্ৰেছৰ গণ সমাৱেশে যেন এই কথাকেই প্ৰমাণ কৰিলে ৷

দেওবাৰে ঢেকিয়াজুলিত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ বিশাল গণ সমাৱেশত সম্বোধন কৰাৰ বিপৰীতে আমগুৰিতো কংগ্ৰেছ দলে আয়োজন কৰিলে এক বিশাল গণ সমাৱেশৰ ৷ দেওবাৰে ঢেকিয়াজুলিত মোদীৰ উপস্থিতিত অনুষ্ঠিত গণ সমাৱেশত শত সহস্ৰ লোকৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল ৷ ইয়াৰ বিপৰীতে আমগুৰিত কংগ্ৰেছে আয়োজন কৰা গণ সমাৱেশত প্ৰায় পাঁচ হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মী তথা ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি আমগুৰিত অনুষ্ঠিত কংগ্ৰেছৰ গণ সমাৱেশত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ দলীয় তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনকে ধৰি দলটোৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ৷

আমগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ

কংগ্ৰেছৰ গণ সমাৱেশত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যে, জাগ' অসম নামৰ এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ অভিযান আৰম্ভ হৈছে ৷ সভাত উপস্থিত থাকি ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও অসমৰ ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:সংখ্যালঘু মৰ্চাৰ কৰ্মীৰ বাবে বিজেপিৰ বিশেষ প্ৰশিক্ষণ

Last Updated : Feb 7, 2021, 6:45 PM IST

ABOUT THE AUTHOR

...view details