অসম

assam

ETV Bharat / state

আমগুৰি সমষ্টি বিলোপকৰণৰ বিৰোধিতা আমগুৰি কংগ্ৰেছৰ - শিৱসাগৰ জিলা অন্তৰ্গত 103 নং আমগুৰি সমষ্টি

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে শিৱসাগৰ জিলাৰ 103 নং আমগুৰি সমষ্টি বিলুপ্তকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কংগ্ৰেছৰ ৷

Congress appeal not to Dilimitation the Amguri Assembly Constituency
আমগুৰি সমষ্টি বিলোপকৰণৰ বিৰোধিতা আমগুৰি কংগ্ৰেছৰ

By

Published : Jun 15, 2020, 10:36 PM IST

শিৱসাগৰ, 15 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে শিৱসাগৰ জিলাৰ 103 নং আমগুৰি সমষ্টি বিলুপ্তকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কংগ্ৰেছৰ ৷ সোমবাৰে কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তৰ নেতৃত্বত এক সজাতি দলে শিৱসাগৰ জিলা উপায়ুক্তক প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷ লগতে সমষ্টি যদি বিলোপ কৰিব লাগে তেন্তে 2001 চনৰ লোক পিয়লৰ ভিত্তিত কিয় বুলি প্ৰশ্ন কৰে যুৱ নেত্ৰী অংকিতা দত্তই ৷ যিহেতু 2021 চনৰ লোক পিয়লৰ প্ৰক্ৰিয়া আৰম্ভ হৈছেই গতিকে যদি সমষ্টি বিলোপ কৰিব লাগে তেন্তে 2021 চনৰ লোক পিয়লৰ ভিত্তিত কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷

আমগুৰি সমষ্টি বিলোপকৰণৰ বিৰোধিতা আমগুৰি কংগ্ৰেছৰ

উল্লেখ্য যে, অতীজৰ পৰাই অসমৰ অন্যতম হাই প্ৰফাইল বিধানসভা সমষ্টি হৈছে শিৱসাগৰ জিলা অন্তৰ্গত 103 নং আমগুৰি সমষ্টি ৷ কিন্তু এই হাই প্ৰফাইল বিধানসভা সমষ্টিটোৰ ভৱিষ্যত এতিয়া অন্ধকাৰত। কাৰণ সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই হাই প্ৰফাইল সমষ্টিটো বিলোপকৰণ কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে চৰকাৰে ৷ যাৰ বাবে সমষ্টি বিলোপকৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে এনেদৰে ওলাই আহে আমগুৰি কংগ্ৰেছৰ নেতা কৰ্মী সকল ৷ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি এনে সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে আমগুৰি কংগ্ৰেছে ।

লগতে পঢ়কঃ বানে উটুৱাই নিয়া এখন দলঙে জীয়াতু ভুগাইছে ৰাইজক

ABOUT THE AUTHOR

...view details