আমগুৰি, 9 ছেপ্তেম্বৰ:অসম চৰকাৰে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰে শিক্ষক-কৰ্মচাৰীসকলক প্ৰদান কৰিছে COVID পৰীক্ষাৰ নিৰ্দেশ ৷ সেই অনুসৰি,জাঁজীৰ বলমীয়া গাঁওস্থিত সৰুকণ গগৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন চন্দ্ৰ গগৈয়ে যোৱা 4 ছেপ্তেম্বৰত আমগুৰি সামুহিক স্বাস্থ্যকেন্দ্ৰত স্বাৱ পৰীক্ষা কৰে ৷ কিন্তু ৪ চেপ্তেম্বৰত শ্বাৱ পৰীক্ষা কৰা শিক্ষকগৰাকীৰ ফলাফলৰ দুখন তালিকাত বেলেগ বেলেগ ফলাফল ৷ তালিকা দুখনৰ এখনত পজিটিভ আৰু আনখনত নিগেটিভ অহাৰ পাচতে এতিয়া বিভ্ৰান্তিত পৰিছে শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গ ৷
আমগুৰিত COVID পৰীক্ষাৰ ফলাফলক লৈ খেলিমেলি - COVID পৰীক্ষাৰ ফলাফল
আমগুৰি সামুহিক স্বাস্থ্যকেন্দ্ৰত 4 তাৰিখে স্বাৱ পৰীক্ষা কৰা এগৰাকী শিক্ষকৰ দুখনকৈ তালিকা আহিল COVID পৰীক্ষা ফলাফলৰ ৷ 3 তাৰিখৰ এখন তালিকাত 4 ছেপ্তেম্বৰত COVID পৰীক্ষা লোকগৰাকীৰ ফলাফল পজিটিভ অহাক লৈ সম্প্ৰতি বিভ্ৰান্তিত পৰিছে সকলো ৷
পৰিয়ালৰ লোকে তালিকা দুখন পৰীক্ষা কৰি পজিটিভ ফলাফল থকা খন 3 ছেপ্তেম্বৰৰ বুলি জানিবলৈ পাই হতচকিত হৈ পৰে ৷ কিয়নো শিক্ষকগৰাকীয়ে স্বাৱ পৰীক্ষা কৰিছিল 4 তাৰিখে ৷ কিন্তু পজিটিভ ফলাফল অহা লোকৰ তালিকা খনত আছে 3 তাৰিখে পৰীক্ষা কৰোৱা লোকৰ নাম ৷ তদুপৰি সেই তালিকাখনত তেওঁৰ নামৰ বিপৰীতে থকা ফোন নম্বৰটো আছিল এগৰাকী স্বাস্থ্যকৰ্মীৰ ৷ এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমগুৰি আঞ্চলিক সমিতিয়েও স্বাস্থ্য বিভাগৰ এনে কামত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবী জনাই,মুক্তমনে সামাজিক স্থানসমূহত ঘূৰি থকা পজিটিভ লোকগৰাকীকো চিনাক্ত কৰাৰ দাবী জনায় ৷
লগতে পঢ়ক:যোৰহাটৰ COVID কেয়াৰ কেন্দ্ৰ আকস্মিক পৰিদৰ্শন পীযুষ হাজৰিকাৰ