অসম

assam

ৰাজনীতি ত্যাগ কৰিব ৰূপজ্যোতি কুৰ্মীয়ে, কিন্তু কিয় ?

By

Published : Oct 16, 2019, 12:23 AM IST

Updated : Oct 16, 2019, 4:30 AM IST

উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈ থকাৰ মাজতেই সোণাৰিত কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰক মন্তব্য ৷ ৰাজনীতি ত্যাগ কৰাৰ কথা উল্লেখ ৰূপজ্যোতি কুৰ্মীৰ ৷ উপ নিৰ্বাচনত যদি কংগ্ৰেছে চাৰিখন আসন নাপায় তেনেহ'লে ৰাজনীতি ত্যাগ কৰিব বিধায়কগৰাকীয়ে ৷

ৰাজনীতি ত্যাগ কৰিব ৰূপজ্যোতি কুৰ্মীয়ে, কিন্তু কিয় ?

শিৱসাগৰ, 15 অক্টোবৰঃ উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈ থকাৰ মাজতেই সোণাৰিত কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰক মন্তব্য ৷ আগন্তুক উপ-নিৰ্বাচনত সোণাৰিৰ লগতে আন তিনিটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয় লাভ নকৰিলে ৰাজনীতি ত্যাগ কৰিম বুলি মন্তব্য প্ৰদান কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ সোণাৰিত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷

কংগ্ৰেছে চাৰিখন আসন লাভ নকৰিলে ৰাজনীতি ত্যাগৰ হুংকাৰ ৰূপজ্যোতি কুৰ্মীৰ

বিজেপিয়ে বহু অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক অনা আদি নানা ধৰণৰ জনবিৰোধী কাম কৰিবলৈ যোৱাৰ পাচতো এই নিৰ্বাচনত কংগ্ৰেছে আসন নাপালে ৰাজনীতি ত্যাগ কৰিম বুলি উল্লেখ কৰে ৰূপজ্যেতি কুৰ্মীয়ে ৷

এই সংবাদমেলতেই লগতে বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ পৰিয়ালকো চোকা সমালোচনা কৰে কুৰ্মীয়ে সোণাৰিৰ বিজেপি প্ৰাৰ্থীৰ পৰিয়ালে শ্ৰমিকৰ মাটি দখলকাৰী বুলি বিস্ফোৰক মন্তব্য কৰি নৱনীতা সন্দিকৈৰ শহুৰেক জানকী নাথ সন্দিকৈয়ে 291 বিঘা মাটি দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে ৷

Last Updated : Oct 16, 2019, 4:30 AM IST

ABOUT THE AUTHOR

...view details