শিৱসাগৰ, 12 মে’ : অসমৰ সাহিত্যক্ষেত্ৰৰ অভিভাৱক স্বৰূপ প্ৰথিতযশা সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শিৱসাগৰটো শোঁকৰ ছা পৰিছে ৷ প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে যশস্বী সাহিত্যিক নাহেন্দ্ৰ পাদুনৰ লগতে শিৱসাগৰৰ সাহিত্যক্ষেত্ৰৰ লগত জড়িত ব্যক্তি সকলে ।
হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ - শিৱসাগৰ জিলা সাংবাদিক সংস্থা
বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ দেহাৱসানত যশস্বী সাহিত্যিক নাহেন্দ্ৰ পাদুনৰ লগতে শিৱসাগৰ জিলা সাংবাদিক সন্থাই শোক প্ৰকাশ কৰিছে ৷
![হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11730255-thumbnail-3x2-ffd.jpg)
আনহাতে, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰাও শোক প্ৰকাশ কৰে জিলা সাংবাদিক সন্থাৰ সভাপতি ভৈৰৱ মুণ্ডাই ৷ ইয়াৰ লগতে সাংবাদিক সন্থাৰ সভাপতিগৰাকীয়ে সাহিত্যিকগৰাকীৰ জন্মৰদিনটো চৰকাৰীভাৱে উদযাপন কৰাৰ ব্যৱস্থা কৰি নৱ প্ৰজন্মৰ মাজলৈ সাধক গৰাকীৰ আদৰ্শ আৰু কৰ্মৰাজিক প্ৰণালীবদ্ধভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় ৷ প্ৰসিদ্ধ সাহিত্যিক গৰাকীৰ সামাধিক্ষেত্ৰ গুৱাহাটীৰ মাজমজিয়াত নিৰ্মাণ কৰি অসমৰ সকলোৱে যেন দৰ্শন কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে অসম চৰকাৰক অনুৰোধ জনায় ৷
লগতে পঢ়ক : হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ