অসম

assam

খেলপথাৰ নিৰ্মাণৰ নামত আমগুৰিত ব্যাপক অনিয়ম

ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ শ্ল'গান দি থাকিলেও পোহৰলৈ আহিছে ইটোৰ পিছত আনটো দুৰ্নীতি ৷ এইবাৰ আমগুৰিত মুখ্যমন্ত্ৰীৰ সপোনৰ ক্ৰীড়া প্ৰকল্প ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আমগুৰিৰ আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ নিৰ্মাণত এই ব্যাপক অনিয়ম সংঘটিত হৈছে ৷

By

Published : Jan 23, 2021, 10:21 AM IST

Published : Jan 23, 2021, 10:21 AM IST

complaint-in-the-construction-of-playground-at-amguri
খেলপথাৰ নিৰ্মাণৰ নামত আমগুৰিত ব্যাপক অনিয়ম

আমগুৰি, ২৩ জানুৱাৰী :ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ শ্ল'গান দি থাকিলেও পোহৰলৈ আহিছে ইটোৰ পিছত আনটো দুৰ্নীতি ৷ এইবাৰ আমগুৰিত মুখ্যমন্ত্ৰীৰ সপোনৰ ক্ৰীড়া প্ৰকল্প ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে,আমগুৰিৰ আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ নিৰ্মাণত এই ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ মুখ্যমন্ত্ৰী ক্ৰীড়া প্ৰকল্পৰ প্ৰায় ২০ লাখ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পুঁজিৰ ১০ লাখ টকাৰ ব্যয়েৰে ঐতিহাসিক খেলপথাৰখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ৷

খেলপথাৰ নিৰ্মাণৰ নামত আমগুৰিত ব্যাপক অনিয়ম

কিন্তু তাতে লাগিল কেণা ৷ ঠিকাদাৰে খেলপথাৰখনৰ চাৰিসীমাৰ পকী দেৱাল অসম্পূৰ্ণ কৰি ৰখাৰ লগতে নিৰ্মাণ কৰা পকী নলাও ফাঁট মেলিবলৈ আৰম্ভ কৰিছে ৷ আনহাতে খেলুৱৈৰ সাজসজ্জাৰ বাবে নিৰ্মাণ কৰা কোঠাৰ পকী দেৱালটো ফাঁট মেলা আৰম্ভ কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সচেতন ৰাইজ তথা দল-সংগঠনসমূহে খেলপথাৰ নিৰ্মাণত সংঘটিত ব্যাপক অনিয়মৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ অন্যথা এই বিষয়সন্দৰ্ভত অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও সংবাদমাধ্যমৰ জৰিয়তে হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু জেৰেঙা পথাৰ

ABOUT THE AUTHOR

...view details