আমগুৰি, 19 আগষ্ট : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অধীনৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ(Jhanji Hemnath Sarma College) অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে ধন আত্মসাতৰ অভিযোগ ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ মনজিৎ গগৈয়ে নীতি বৰ্হিভূতভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক :এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
ক’ভিডৰ(Covid) জটিল পৰিস্থিতিৰ বাবে অনলাইনযোগে মহাবিদ্যালয়ত নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণ আৰু ছাত্ৰ-ছাত্ৰীৰসকলৰ পৰা মাচুল আদায় নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য চৰকাৰে । G(B)/Misc/41/2021/2220 নম্বৰৰ জাননীযোগে বিগত 2 আগষ্টত নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে(Education Department) ।
অধ্যক্ষৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ অভিযোগ অনুসৰি, ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ এই নিৰ্দেশনা উলংঘা কৰি নতুনকৈ নামভৰ্তি কৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাসিকৰ দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ পৰা 4000-5000 টকাকৈ মাচুল সংগ্ৰহ কৰিছে অধ্যক্ষগৰাকীয়ে । অধ্যক্ষ গগৈয়ে এই অভিযোগ নস্যাৎ কৰিলেও বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মাচুল সংগ্ৰহ কৰাৰ ৰচিদ প্ৰমাণ হিচাপে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে ।
আনহাতে, ক’ভিড পৰিস্থিতিৰ বাবে সকলো শিক্ষানুষ্ঠান বৰ্তমানলৈকে বন্ধ ৰখাৰ নিৰ্দেশ বাহাল ৰখা হৈছে ৷ চৰকাৰী নিৰ্দেশনা জাৰি ৰখাৰ মাজতে কেনেদৰে অধ্যক্ষগৰাকীয়ে নামভৰ্তিৰ নামত বিদ্যালয়খনত ভীৰ সৃষ্টি কৰিলে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ নীতি-নিৰ্দেশনা উলংঘন কৰা এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :প্ৰথমে আদায় দিলে কৰ, তাৰপিছত ট্ৰাক লৈ পলায়ন