আমগুৰি, ৩০ জুন :অসমীয়া সমাজ আৰু সংস্কৃতিৰ এৰাব নোৱাৰা এক শিল্প কুটীৰ শিল্প ৷ অসমীয়া সমাজ আৰু সংস্কৃতিৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে এই কুটীৰ শিল্পবিধ । বৰ্তমানৰ নৱপ্ৰজন্মৰ এই শিল্পৰ প্ৰতি আগ্ৰহ নোহোৱাত সম্প্ৰতি গ্ৰামাঞ্চলৰ কিছু সংখ্যক লোকেহে এই শিল্পবিধক জীয়াই ৰাখিবলৈ সক্ষম হৈছে । কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু লকডাউনে অধিক প্ৰভাৱান্বিত কৰিছে কুটীৰ শিল্পক। উপযুক্ত বজাৰ লাভ নকৰা আৰু প্লাষ্টিকৰ সামগ্ৰীৰে গ্ৰাস কৰি পেলোৱাত কুটীৰ শিল্পই এতিয়া মৃত্যুৰ ক্ষণ গণিব লগীয়া হৈছে । এনে পৰিস্থিতিত কুটীৰ শিল্পীসকলে বহু অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে ।
কুটীৰ শিল্পক লৈ আমগুৰিত প্ৰশংসনীয় পদক্ষেপ - Covid 19
অসমীয়া সমাজ-সংস্কৃতিৰ লগত উতঃপ্ৰোত ভাৱে জড়িত কুটিৰ শিল্পক এক উদ্যোগলৈ ৰূপান্তৰিত কৰা এই পদক্ষেপক এতিয়া সকলোৱে কৰিছে প্ৰশংসা ৷
কুটীৰ শিল্পক লৈ আমগুৰিত প্ৰশংসনীয় পদক্ষেপ
উল্লেখ্য যে, অংকুৰণ কৃষি গোটৰ লগত জড়িত লোকসকলে সামাজিক দূৰত্ব বজাই ৰাখি তথা ক’ভিড প্ৰটকল মানি আৰ্থিক সমস্যাৰ সন্মুখীন নহ'বৰ বাবে কুটীৰ শিল্পকে আয়ৰ উৎস হিচাপে বাচি লৈছে । আজৰি সময়ত ঘৰত বহি নাথাকি, কৃষি-কৰ্ম সামৰি গোটৰ সদস্যসকল একগোট হৈ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে সকলো । অসমীয়া সমাজ-সংস্কৃতিৰ লগত উতঃপ্ৰোত ভাৱে জড়িত কুটিৰ শিল্পক এক উদ্যোগলৈ ৰূপান্তৰিত কৰা এই পদক্ষেপক এতিয়া সকলোৱে কৰিছে প্ৰশংসা ৷