আমগুৰি, ১৩ মাৰ্চ :শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মগৰাহাট গড়কাষৰীয়া গাঁৱত এক শোকাকুল পৰিৱেশ । গাঁওখনৰ সকলোৰে মৰমৰ মিন্টু চিৰদিনৰ বাবে এক অজান দেশলৈ গ’ল গৈ (Commando Bettilian Mintu Bora is no more)। যোৱা নিশালৈকে বৰদেউতাকৰ ল’ৰাৰ বিয়াত হাঁহি থকা সুঠাম যুৱকজন আজি চিৰনিদ্ৰাত । এই খবৰটোৱে লাভ কৰিয়েই এতিয়া সকলো স্তব্ধ হৈ পৰিছে ।
গড়কাষৰীয়া গাঁও নিবাসী হেমন্ত বৰা আৰু পিংকি বৰাৰ দুই সন্তানৰ একমাত্ৰ পুত্ৰ সন্তান মিন্টু বৰাই বিগত জানুৱাৰী মাহত অসম আৰক্ষীৰ কামাণ্ডোত নিযুক্তি লাভ কৰিছিল । প্ৰশিক্ষণৰত অৱস্থাত আছিল এসময়ৰ মেধাবী ছাত্ৰজন । সাত দিনৰ ছুটী লাভ কৰি ঘৰলৈ আহিছিল মিন্টু ।
বৰদেউতাকৰ ল’ৰাৰ বিয়াত যোৱা নিশা অৰ্থাৎ দেওবাৰে নিশা আনন্দ ফূৰ্তিও কৰিছিল (Commando Bettilian Mintu Bora passes away) ৷ কিন্তু নিয়তিৰ বিধান যেন নিষ্ঠুৰ আছিল । বিয়াৰ হাঁহি ফূৰ্তিৰ মাজতেই ঢলি পৰিল মিন্টু । ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মিন্টুক চিকিৎসকে মৃত ঘোষণা কৰে ।