অসম

assam

ETV Bharat / state

বিশ্ব ঐতিহ্য সপ্তাহ-2020 উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশ্ব ঐতিহ্য সপ্তাহ-২০২০ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসম চৰকাৰ আহোম ৰাজত্ব কালৰ গৌৰৱোজ্জল ইতিহাসৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে দায়বদ্ধ । বিশ্বৰ বুকুত অসমৰ মানচিত্ৰ অংকন কৰাৰ বাবে চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ।

world heritage week 2020
world heritage week 2020

By

Published : Nov 19, 2020, 7:56 PM IST

শিৱসাগৰ, 19 নৱেম্বৰ :ঐতিহাসিক ন-পুখুৰী পাৰত বৃহস্পতিবাৰৰ পৰা সপ্তাহ জোৰা কাৰ্যসূচীৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ কেন্দ্ৰীয় কাৰ্যসূচী শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ঐতিহ্য সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত হৈছে এই অনুষ্ঠান ।

অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত আছে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ মন্ত্ৰী যোগেন মহনৰ লগতে জিলাখনৰ আটাইকেইজন বিধায়ক । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাও অনুষ্ঠানত উপস্থিত থাকে ।

বিশ্ব ঐতিহ্য সপ্তাহ-2020 উদ্বোধন মুখ্যমন্ত্ৰীৰ
বিশ্ব ঐতিহ্য সপ্তাহ -২০২০ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, অসম চৰকাৰ আহোম ৰাজত্ব কালৰ গৌৰৱোজ্জল ইতিহাসৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে দায়বদ্ধ । বিশ্বৰ বুকুত অসমৰ মানচিত্ৰ অংকন কৰাৰ বাবে চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ।

এই অনুষ্ঠানতে শিৱসাগৰৰ বুৰঞ্জী তথা ঐতিহ্যৰ ক্ষেত্ৰখনত দীৰ্ঘদিনে নিৰবচ্ছিন্নভাবে কাম কৰি থকা লেখক নবীন বুঢ়াগোঁহাইলৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে " ঐতিহ্য মিত্ৰ" সন্মান আগবঢ়াই । বুঢ়াগোঁহাইৰ লগতে হোজাই জিলাৰ কৃষ্ণ কুমাৰ সিংহ আৰু ধেমাজিৰ ঘুগুহা দ'ল উন্নয়ন সমিতিকো ঐতিহ্য মিত্ৰ সন্মানৰে মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰে । অনুষ্ঠানত বুৰঞ্জীবিদ জীতেন বৰপাত্ৰগোঁহাই আৰু বুৰঞ্জীবিদ দিলিপ বুঢ়াগোঁহাইকো ঐতিহ্য সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত কৰে ৰাজ্য চৰকাৰে ।

ইফালে আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ২ ঘন্টা পলমকৈ উপস্থিত হোৱাত পুৱাৰ পৰা মুখ্যমন্ত্ৰীৰ আগমনলৈ অপেক্ষা কৰি থকা গৰিষ্ঠ সংখ্যক ৰাইজে সভাস্থলী ত্যাগ কৰাত সভাগৃহ প্ৰায় উকা হৈ পৰাত অস্বস্তিত পৰে আয়োজক সাংস্কৃতিক পৰিক্ৰমা বিভাগ ।

লগতে পঢ়ক :চেন্ট্ৰেল অ'বিচি প্ৰদানৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details