শিৱসাগৰ,16 অক্টোবৰ : শিৱসাগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ঐতিহাসিক শিৱদ'লত আঠু লৈ শিৱক আৰাধনা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ সোণাৰী উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহি শিৱসাগৰ আৱৰ্ত ভৱনত বাহৰ পাতে মুখ্যমন্ত্ৰীয়ে ৷ বৃহস্পতিবাৰে অংশ ল'ব সোণাৰি উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত ৷ শিৱদ'লত কোনো ৰাজনৈতিক মন্তব্য দিয়াৰ বিৰত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শিৱদ'লত ৰাজ্যবাসীৰ মংগল কামনাৰে পূজা কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
শিৱসাগৰৰ শিৱ দ'লত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - শিৱদ'লত আৰাধনা মুখ্যমন্ত্ৰীৰ
সোণাৰী উপনিৰ্বাচনৰ প্ৰচাৰৰ বাবে শিৱসাগৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
![শিৱসাগৰৰ শিৱ দ'লত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4773422-thumbnail-3x2-cm.jpg)
শিৱসাগৰৰ শিৱ দ'লত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
শিৱসাগৰৰ শিৱ দ'লত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
উল্লেখযোগ্য যে বুধবাৰে সোণাৰীত উপ নিৰ্বাচনৰ প্ৰচাৰ চলায় খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই ৷ প্ৰচাৰত উপ নিৰ্বাচনত চাৰিটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাতো নিশ্চিত বুলি কোৱাৰ লগতে কংগ্ৰেছ যদি চাৰিটা সমষ্টিতে জয়ী হয় তেন্তে তেওঁ দহজন বিধায়কৰ সৈতে পদত্যাগ কৰিব ৷