অসম

assam

By

Published : May 27, 2021, 10:54 PM IST

ETV Bharat / state

শিৱসাগৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলৰ মাজত আর্থিক অনুদান বিতৰণ অনুস্থানত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ ৷

শিৱসাগৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য প্ৰদান
শিৱসাগৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য প্ৰদান

শিৱসাগৰ, 27 মে’: ক'ভিড মহামাৰীৰ বাবে ল'ক ডাউনে জুৰুলা কৰা ব্যৱসায়ীয়ে আংশিক সকাহ লাভ কৰাৰ সময়তে সংঘটিত এক অগ্নিকাণ্ড ভূতৰ ওপৰত দানহ পৰাদি পৰিল শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ নতুন বজাৰৰ ৪৮ জন ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত । চলিত মাহৰ ১৬ মে'ৰ পুৱতি নিশা সংঘটিত হোৱা এক অগ্নিকাণ্ডত বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় ৪৮ জনকৈ ব্যৱসায়ী ।

শিৱসাগৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য প্ৰদান

উক্ত অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ গৈছিল । সেই ক্ষতিগ্ৰস্ত ৪৮ গৰাকী ব্যৱসায়ীক গাইপতি ২৫ হাজাৰকৈ একোখন চেক বিতৰণ কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কেবিনেট মনতী যোগেন মহনে ।

উল্লেখযোগ্য যে, শিৱসাগৰ যুৱদ'লত কৰ'ণা ভাইৰাচৰ বাবে গ্ৰহণ কৰিবলগীয়া চৰকাৰী সকলো নীতি নিৰ্দেশনা মানি চলি উক্ত অনুস্থানত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ হৈ প্রাঞ্জল খনিকৰ, সোণাৰি সমষ্টিৰ বিধায়ক ধর্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া হাচানা হানি বেগম, বিজেপি কৰ্মী সুৰভী ৰাজকুমাৰী, ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহন , মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ৷

লগতে পঢ়কঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

ABOUT THE AUTHOR

...view details