শ্বহীদ বিপুল বৰাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ চেক
শুকুৰবাৰে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকাৰ সৈতে শ্বহীদ বিপুল বৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ শুকুৰবাৰে শ্বহীদগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে শ্বহীদৰ পৰিয়ালক 20 লাখ টকাৰ চেক প্ৰদান কৰে ৷
শিৱসাগৰ,4মে': শুকুৰবাৰে গৌৰীসাগৰ ধনেখোৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ছত্তিশগড়ৰ দান্তেৱাৰাত নক্সালবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা বিপুল বৰাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে শ্বহীদ পৰিয়ালক প্ৰদান কৰে ২০ লাখ টকাৰ চেক । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ গৃহত উপস্থিত হৈয়ে শ্বহীদ বিপুল বৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশ লৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে । ইপিনে শুকুৰবাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকাও উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷