অসম

assam

ETV Bharat / state

২১ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বিদ্যালয় সমূহৰ পাঠদান - COVID-১৯

শিৱসাগৰত ২১ চেপ্তেম্বৰৰ পৰা বিদ্যালয়ত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত অনুষ্ঠিত সভা ৷ COVID-১৯ সম্পৰ্কীয় সকলো চৰকাৰী নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব বিদ্যালয় সমূহে ৷

বিদ্যালয় সমূহৰ পাঠদান
বিদ্যালয় সমূহৰ পাঠদান

By

Published : Sep 19, 2020, 11:49 PM IST

শিৱসাগৰ, 19 চেপ্তেম্বৰ: সুদীৰ্ঘ ছমাহৰ বিৰতিৰ অন্তত COVID-১৯ সম্পৰ্কীয় সম্পূৰ্ণ স্বাস্থ্য বিধি মানি অহা ২১ চেপ্তেম্বৰৰ পৰা সমগ্র ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ ১৫৭ খন বিদ্যালয়তো আৰম্ভ কৰা হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৷ ইয়াৰ লগতে শিৱসাগৰ জিলা শিক্ষা বিভাগৰ অন্তৰ্গত চৰাইদেউ জিলাৰ ৫৮ খন আৰু শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰ প্ৰায় ৮০ খন বিদ্যালয়তো আৰম্ভ কৰা হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া ৷ এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰা নিৰ্দেশনা সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে, যোৱা ১৮ চেপ্টেম্বৰত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।

২১ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বিদ্যালয় সমূহৰ পাঠদান
সভাত বিদ্যালয় সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সম্পৰ্কে জিলাখনৰ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলক বিশদভাৱে অৱগত কৰা হয়। পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে বিদ্যালয় সমূহৰ চেনিটাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে বিদ্যালয় সমূহত হাত ধুৱাৰ ব্যৱস্থা মজুত ৰখাৰ লগতে চাবোন আৰু হেণ্ড চেনিটাইজাৰৰ পৰ্যাপ্ত ব্যৱস্থা ৰাখিবলৈ কয়। চৰকাৰী নিৰ্দেশনা মৰ্মে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে তথা দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙ্গলবাৰ, বৃহস্পতি আৰু শনিবাৰে কৰা হ'ব।

পাঠদান কাৰ্যসূচী ৫০ শতাংশ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত সম্পন্ন হ'ব । একোটা শ্ৰেণীত ২০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰে বুলিও তেওঁ অৱগত কৰে । পাঠদানৰ পূৰ্বে শিক্ষাৰ্থী সকলৰ COVID পৰীক্ষা কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

সভাত শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে শ্রেণী সমূহ দুটা ভাগত, পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰা হ'ব বুলি উল্লেখ কৰে । পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে অভিভাৱক সকলৰ পৰা লিখিত সন্মতি লোৱা হ'ব বুলিও তেওঁ কয়। শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি সচেতনতা অৱলম্বন কৰিবলৈ তেওঁ বিদ্যালয় সমূহৰ প্ৰধান সকলক আহ্বান জনায়। তেওঁ বিদ্যালয়সমূহৰ প্ৰধান সকলক থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা কৰিবলৈ কয়। তেখেতে কয় যে COVID-১৯ সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা অৱমাননা কৰা বিদ্যালয় সমূহৰ বিৰুদ্ধে কঠোৰ অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা হব।

Bite - আব্দুল জেলিল, বিদ্যালয় সমূহৰ পৰিদৰ্শক, শিৱসাগৰ জিলা।Conclusion:

ABOUT THE AUTHOR

...view details