শিৱসাগৰত এদিনৰ জিলা আয়ুক্ত শিৱসাগৰ, 31 জুলাই : শিৱসাগৰ জিলাৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড় । এই ছাত্ৰগৰাকী সোমবাৰে এদিনৰ বাবে বহিল শিৱসাগৰ জিলাৰ আয়ুক্তৰ আসনত । অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত ছাত্ৰ গৰাকীক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছে ।
শিৱসাগৰত এদিনৰ জিলা আয়ুক্ত ভাগ্যদীপৰ বাবে এই সোণালী সুযোগটো অসম চৰকাৰৰ আৰোহন নামৰ অভিনৱ আঁচনিৰ জৰিয়তে সম্ভৱ হৈছিল। এই কাৰ্যসূচীৰ অধীনত, অসম কেবিনেটে যোৱা বছৰ নৱম শ্ৰেণীৰ ব্যতিক্ৰমী প্ৰতিভাসম্পন্ন 8,750 জন শিক্ষাৰ্থীক চাৰি বছৰৰ বাবে অৰ্থাৎ দ্বাদশ শ্ৰেণী পৰ্যন্ত প্ৰশাসনিক কাম কাজৰ ক্ষেত্ৰত অভিজ্ঞ কৰি তোলাৰ বাবে এক আঁচনিত অনুমোদন জনাইছিল ৷
ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কৰ্মজীৱনৰ পৰামৰ্শ সন্দৰ্ভত আৰোহণ আঁচনিৰ সৈতে ব্যক্তি আৰু পৰামৰ্শদাতাসকলৰ পৰামৰ্শৰ ভিত্তিত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে এই সিদ্ধান্ত লোৱা হৈছিল বুলি আজি প্ৰকাশ কৰে । বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়ক জিলাখনৰ ১৫০ বিদ্যালয়ৰ মুঠ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এই বিশেষ দ্বায়িত্বৰ বাবে নিৰ্বাচন কৰা হৈছিল ৷
শিৱসাগৰত এদিনৰ জিলা আয়ুক্ত সোমবাৰে এই ছাত্ৰ আয়ুক্ত গৰাকীয়ে চৰকাৰী বাহনেৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় । সংগ দিলে শিৱসাগৰ জিলাৰ বৰ্তমানৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে । গাড়ীৰ পৰা নমাৰ পাচতে ছাত্ৰ আয়ুক্ত ভাগ্যদ্বীপে আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ পৰা পৰিস্থিতিৰ বুজ লয় । ইয়াৰ পাচতে তেওঁ জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বীসকলৰ লগত জিলাখনৰ উন্নয়ন সন্দৰ্ভত এক সভাত অংশগ্ৰহণ কৰে । এই সভা তেওঁ জিলা আয়ুক্তৰ আসনত বহি পৰিচালনা কৰিলে ।
এই সভাতে তেওঁ নিজৰ বিদ্যালয়ৰ অভাৱ অভিযোগ, নিজৰ গাঁওখনৰ বাট পথৰ সমস্যা, চাহ জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যাসমূহৰ লগতে আন ভালেমান গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা কৰে । উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বকতা দেউৰীটিং চাহ বাগিচাৰ এজন শ্ৰমিক পোনা ৰাজগড়ৰ পুত্ৰ ভাগ্যদ্বীপ ৰাজগড়ে শিৱসাগৰ জিলাৰ এদিনৰ আয়ুক্ত হ’বলৈ পাই উৎসাহিত হোৱা বুলি সাংবাদিকক জনোৱাৰ লগতে তেওঁক এই সুযোগ দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ।
জিলা আয়ুক্ত হিচাপে দায়িত্ব লৈ ভাগ্যদ্বীপে প্ৰধানকৈ শিৱসাগৰ জিলাৰ শৈক্ষিক আৰু সামাজিক দিশত অনগ্ৰসৰতাৰ বাবে উদ্বিগ্ন বুলি প্ৰকাশ কৰে । ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে ভাগ্যদ্বীপে । দিনটোৰ বাবে জিলাখনৰ মূৰব্বী হোৱা ভাগ্যদ্বীপে আজি শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানৰ লগতে কেইবাখনো উন্নয়ন বিষয়ক বৈঠকতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Sports seminar in Sivsagar : শিৱসাগৰত ক্ৰীড়া বিষয়ক আলোচনা চক্ৰ