শিৱসাগৰ, 25 মে’ : জুৱাখেল, ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অনৈতিক কাৰ্যকলাপে ছানি ধৰিছে অসম ৷ দৈনিক আৰক্ষীৰ জালত পৰিছে অভিযুক্ত, কিন্তু হ’লেও সংখ্যাত কমি যোৱা নাই অনৈতিক কাৰ্যকলাপ ৷ সংঘটিত হৈয়ে আছে বিভিন্ন সমাজবৰ্হিভূত কাম-কাজ ৷
শিৱসাগৰ দলমুখ চাৰিআলিত বহিছে এক বৃহৎ জুৱাৰ আড্ডা ৷ দৈনিক সেই স্থানত হয় জুৱা খেল ৷ শেহতীয়াকৈ এই জুৱা খেলক কেন্দ্ৰ কৰিয়েই সংঘাতৰ সৃষ্টি হয় দুটা ফৈদৰ মাজত ৷ জুৱাক লৈ হোৱা এই সংঘৰ্ষত আহত হয় বিজেপি নেতা জিতু হাজৰিকা (Clash between two parties regarding gambling) ৷
শিৱসাগৰ নগৰৰ দলমুখত সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় জিতু হাজৰিকা ৷ বুধবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই ঘটনা ৷ পিচত সংঘৰ্ষত আহত জিতু হাজৰিকাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
উল্লেখ্য যে, দলমুখ চাৰিআলিৰ টেক্সী ষ্টেণ্ডত দীৰ্ঘ সময় ধৰি জুৱা খেল অনুষ্ঠিত হৈ আহিছে ৷ উক্ত স্থানতে বুধবাৰে নিশা বিজেপি নেতা জিতু হাজৰিকা আৰু কুখ্যাত জুৱাৰী ৰাতুল আলিৰ মাজত কথাৰ কটাকটি লাগে ৷ তাতেই সূত্ৰপাত ঘটে সংঘৰ্ষৰ ৷ ঘটনাৰ সম্ভেদ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত বিজেপি নেতাজনক উদ্ধাৰ কৰে ৷