শিৱসাগৰ,25 আগষ্ট:শিৱসাগৰ জিলাত মঙলবাৰৰ দিনটোলৈকে 1,460 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ ইয়াৰে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত পাঁচজনকৈ চৰকাৰী চিকিৎসকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ সমান্তৰালকৈ স্বাস্থ্য বিভাগৰ বহু কেইগৰাকী স্বাস্থ্য কৰ্মী, নাৰ্চ আৰু চাফাই কৰ্মচাৰীয়ো আক্ৰান্ত হৈছে কৰ’ণাত ৷ মঙলবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পাঁচগৰাকী চিকিৎসক ক্ৰমে স্ত্ৰীৰোগ বিশেষজ্ঞ ডঃ প্ৰশান্ত প্ৰতিম শৰ্মা, মেডিচিন বিভাগৰ চিকিৎসক ডঃ মৃণ্ময় বৰুৱা, শিশুৰোগ বিশেষজ্ঞ ডঃ কস্তুৰী দাস, স্ত্ৰীৰোগ বিশেষজ্ঞ ডঃ নির্মাল্য চৌধুৰী আৰু শিৱসাগৰ মডেল চিচিচি-ৰ নডেল অফিচাৰ ডঃ বাস্তৱ বৰগোঁহাইক কোভিড 19 ত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । এই সকলো তথ্য সদৰি কৰে জিলা স্বাস্থ্য বিভাগে ৷ তদুপৰি ডঃ প্ৰশান্ত প্ৰতিম শৰ্মাক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লেখ্য যে, মুঠ আক্ৰান্তসকলৰ ভিতৰত 963 গৰাকী লোক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ৷ বৰ্তমান 499 গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।