অসম

assam

ETV Bharat / state

আত্মসহায়ক গোটৰ নামত মহিলাৰ পৰা লুট লক্ষাধিক টকা - ক্ষুদ্ৰ সঞ্চয়ৰ নামত ভুৱা বিত্তীয় কোম্পানীৰ লুন্ঠন

ৰাজ্যৰ পুনৰ ভয়ংকৰ অৰ্থনৈতিক ঠগবাজীৰ জাল মেলিছে একাংশ ভুৱা আৰু বহিৰাগত কোম্পানীয়ে ৷ শেহতীয়াকৈ শিৱসাগৰ জিলাত ভুৱা কোম্পানীয়ে লুটিলে সাধাৰণ মহিলাক ৷ চন্দ্ৰবংশী নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷

ক্ষুদ্ৰ সঞ্চয়ৰ নামত ভুৱা বিত্তীয় কোম্পানীৰ লুন্ঠন

By

Published : Sep 21, 2019, 8:13 PM IST

শিৱসাগৰ, 21 চেপ্তেম্বৰঃ বিভিন্ন চিটফাণ্ড কোম্পানীক চৰকাৰে নাকী লগাই আহিছে যদিও একাংশ ভুৱা কোম্পানীয়ে এতিয়াও মাধমাৰ দি আছে ৰাইজক । শিৱসাগৰত চন্দ্ৰবংশী নিধি লিমিটেড নামৰ এটা ভুৱা প্ৰতিষ্ঠানে সহজ-সৰল ৰাইজক আত্মসহায়ক গোটৰ লোভ দেখুৱাই লুটি নিলে লাখ লাখ টকা ।

ক্ষুদ্ৰ সঞ্চয়ৰ নামত ভুৱা বিত্তীয় কোম্পানীৰ লুন্ঠন

চন্দ্ৰবংশী নিধি লিমিটেড নামৰ এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ শিৱসাগৰ শাখাৰ প্ৰৱন্ধক জিতু গগৈ আৰু দীপা আহমেদ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । বিগত বৰ্ষত জিতু গগৈ আৰু দীপা আহমেদ নাম মহিলাগৰাকীয়ে শিৱসাগৰৰ বহু মহিলাৰ পৰা এক লাখ টকাৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰে বহু লাখ টকা । জিতু আৰু দীপা আহমেদে ঋণ প্ৰদানৰ বাবে বেংক একাউণ্ট খোলা আৰু বীমাকৰণৰ নামত শিৱসাগৰৰ প্ৰায় ২০০ মহিলাৰ প্ৰতি গৰাকীৰে পৰা সংগ্ৰহ কৰে ৬৫০০ টকাকৈ । এইদৰে দহ লাখৰো অধিক ধন লুট কৰি শিৱসাগৰৰ পৰা কাৰ্যালয় উঠাই নিয়ে শিলচৰস্থিত চন্দ্ৰবংশী নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে ।

মুল অভিযুক্ত জিতু গগৈ

আনহাতে এই সমস্ত বিষয়ত নিজক ধোৱা তুলসীৰ পাত সজাব গৈছে প্ৰৱঞ্চক জিতুৱে । মহিলা সকলৰ পৰা সংগ্ৰহ কৰা সমস্ত ধন যোৰহাট কাৰ্যালয়ক জমা দিয়া বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে প্ৰৱঞ্চক জিতুৱে । কিন্তু ভুক্তভোগী মহিলাসকলৰ অভিযোগ অনুসৰি, জিতু আৰু দীপা নামৰ মহিলা গৰাকীয়ে আত্মসাৎ কৰিছে তেওঁলোকৰ সমষ্ট কষ্টোপাৰ্জিত ধন । ইতিমধ্যে বিষয়টো লৈ মহিলাসকলে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল যদিও এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details