অসম

assam

ETV Bharat / state

কাইলৈ মুক্তি পাব শিৱসাগৰৰ কিশোৰে নিৰ্মাণ কৰা এখনি শিশু কথাছবি - sivsagar

শিৱসাগৰৰ এজন কিশোৰৰ ব্যতিক্ৰমী প্ৰয়াস ৷ শৈশৱৰ ধেমালিৰ মাজৰে লিখি উলিয়ালে শিশু কথাছবিৰ চিত্ৰনাট্য ৷ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰৰ চিত্ৰনাট্যৰে ১৪ নৱেম্বৰত মুক্তি পাব 'ল'ৰালিৰ ধেমালি'৷

children-flim
শিৱসাগৰৰ কিশোৰে নিৰ্মাণ কৰা শিশু কথাছবি মুক্তি পাব কাইলৈ

By

Published : Nov 13, 2020, 9:27 PM IST

শিৱসাগৰ, 13 নৱেম্বৰ:যান্ত্ৰিকতাৰ মাজত আবদ্ধ শৈশৱ । ম'বাইল গেম, টিভি, কাৰ্টুনৰ জগতৰ মাজতে আবদ্ধ যেন আজিৰ শৈশৱ -কৈশোৰ । ল'ৰালিৰ ধেমালি যেন আজি আৰু অতীত । আপুনি মই পাৰ কৰি অহা ল'ৰালিৰ সোণোৱালী দিনবোৰ, মুহুৰ্তবোৰ আজি মাথো নষ্টালজিয়া । টাংগুটি, ঘিলা গুটি, লুকা-চুৰি অথবা গুডু খেলাৰ দিনবোৰ যেন আজিৰ শিশুৰ বাবে সাধুকথা ।
এই যে আপুনি মই অতিবাহিত কৰিছিলো দিনবোৰ,সমনীয়াৰ লগত পাৰ কৰিছিলো অনাবিল আনন্দৰ মূহুৰ্তবোৰ ,সেই সুখৰ সময়বোৰে যেন পুনৰ প্ৰাণ পাই উঠিছে এজন কিশোৰৰ প্ৰচেষ্টাত । কিশোৰ জনৰ সৃষ্টিশীলতাত যেন পুনৰ সাৰ পাই উঠিছে আপোনাৰ-মোৰ শৈশৱ কৈশোৰৰ তাহানিৰ মধুৰ দিনবোৰ ।
কিশোৰ জনৰ নাম প্ৰাণজিৎ গগৈ । পিতৃয়ে এলাগী কৰা মাতৃৰ কোলাত শৈশৱ পাৰ কৰা প্ৰাণজিৎ পলে পলে সন্মুখীন কষ্ট, অভাৱৰ । দেউতাকৰ বুকুৰ উম নোপোৱাকৈয়ে প্ৰাণজিতে শৈশৱৰ দেওনা পাৰ কৰি বৰ্তমান অধ্যয়ণ কৰি আছে শিৱসাগৰৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ প্ৰাণজিতেই সৃষ্টিশীল মনটোৰে লিখি উলিয়ালে এখন চিত্ৰনাট্য । সমনীয়াৰ লগত কটোৱা সময়, পাহৰণিৰ গৰ্ভলৈ গতি কৰা খেলবোৰ, ধেমালিবোৰক আলম কৰি প্ৰাণজিতৰ এই চিত্ৰনাট্য । নাম দিলেঃ ল'ৰালিৰ ধেমালি ।

কাইলৈ মুক্তি পাব শিৱসাগৰৰ কিশোৰে নিৰ্মাণ কৰা শিশু কথাছবি
প্ৰাণজিতৰ সৃষ্টিশীলতাক মান্যতা দি কিশোৰ জনক উৎসাহিত কৰিবলৈকে গাঁঠিৰ ধন খৰচ কৰি মামনি বৰুৱাই দিলে প্ৰাণজিতক আগবাঢ়ি যোৱাৰ প্ৰেৰণা । প্ৰাণজিতৰ সপোনটো সাকাৰ কৰিবলৈকে মাতৃৰ প্ৰচেষ্টাত শলগুৰিৰ আলি-পদূলিত মুখৰিত হ'ল প্ৰাণজিতৰ হেঁপাহৰ শব্দ- Light, Camera, Action ৷ এইদৰেই নিৰ্মাণ হ'ল এখন শিশু কথাছবি- ল'ৰালিৰ ধেমালি ।কিন্তু পুত্ৰৰ সপোনক সাকাৰ কৰিবলৈ গৈ মাতৃ মামনি বৰুৱা পলে পলে সন্মুখীন হ'ল সমস্যাৰ । মুখামুখি হ'ল আৰ্থিক অনাটনৰ । এনে মূহুৰ্তত আগবাঢ়ি আহিল দুই এজন শুভাকাংক্ষী । সকলোৰে প্ৰচেষ্টাত দৃশ্যগ্ৰহণ সম্পূৰ্ণ হ'ল ল'ৰালিৰ ধেমালিৰ । কিশোৰ প্ৰাণজিৎ গগৈৰ চিত্ৰনাট্যৰে ল'ৰালিৰ ধেমালিৰ পৰিচালনা প্ৰাণদ্বীপ বৰাৰ । কেমেৰাত ঋষভ কলিতাৰ বিপৰীতে সম্পাদনা সীমান্ত কলিতাৰ । এম পি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত কথাছবি খনত অতিথি শিল্পী অনুপম শৰ্মা, ৰিদিপ দত্তৰ লগতে অভিনয় কৰিছে ঈশা দত্ত, মানালী দত্ত, ঋষিৰাজ নাথকে ধৰি এজাক শিশু অভিনেতা-অভিনেত্ৰীয়ে । ১৪ নৱেম্বৰত শিশু দিৱসত শলগুৰি নাট্য মন্দিৰত এজন কিশোৰৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি মুক্তি পাব ল'ৰালিৰ ধেমালিয়ে ।

ABOUT THE AUTHOR

...view details